ASSAM TIMES POST
নিউজ ডেক্স
২০১৯-২০ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বৃদ্ধিৰ সম্ভাব্য অংক বহু কমাই আনিলে আই এম এফে৷ আই এদ এফৰ মতে এই বৃদ্ধিৰ হাৰ এইবাৰ ৪.৮ শতাংশ৷ ভাৰতীয় অৰ্থনীতিৰ হাৰ আৰু জি ডি পি বৃদ্ধিৰ হাৰ যে উদ্বেগজনক সেয়া নানান পৰিসংখ্যাত ধৰা পৰিছে৷
বাজেটৰ আগত এই প্ৰতিবেদন তাৎপৰ্যপূৰ্ণ ৰূপে বিবেচিত হৈছে৷ যোৱা অক্টোবৰ মাহত আই এম এফে উল্লেখ কৰিছিল যে চলিত বিত্তীয় বৰ্ষত ভাৰতৰ জি ডি পি হাৰ ৬.১ হ’ব পাৰে৷ উল্লেখ্য যে যোৱা সোমবাৰে আই এম এফৰ ৱ’ৰ্ল্ড ইকনমিক আউটলুক প্ৰকাশ হয়৷ সেই প্ৰতিবেদনত ভাৰতৰ সম্ভাব্য বৃদ্ধিৰ হাৰ ১৩০ বেচিক পইণ্ট কমাই অনা হৈছে৷ আই এম এফৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথে এই বৃহৎ অৱনমনৰ পাছত দুটা কাৰণ উল্লেখ কৰিছে৷ প্ৰথমটো হ’ল বেংক, বিভিন্ন আৰ্থিক ক্ষেত্ৰত দুৰাৱস্থা৷ দ্বিতীয়তে গ্ৰামীণ অৰ্থনীতিৰ বিকাশত দুৰ্বলতা৷ মূলত ভাৰতৰ সম্ভাব্য বৃদ্ধিৰ হাৰ যে কম হ’ব, কিছুদিনৰ আগতে এই কথা জনাইছিল অৰ্থনীতিবিদজনে৷
যোৱা জুন মাহ-ছেপ্টেম্বৰ ত্ৰৈমাসিকত ভাৰতৰ আৰ্থিক বৃদ্ধিৰ হাৰ ৪.৫ শতাংশ নামি আহিছিল৷ উল্লেখ্য যে যোৱা চাৰে ছবছৰৰ ভিতৰত এয়া হ’ল সৰ্বনিম্ন৷ পৰিসংখ্যা দপ্তৰৰ পূৰ্বাভাস আছিল, বছৰৰ শেষৰ ফালে কিছু ঘুৰি আহিব আৰু সকলো মিলি ৫ শতাংশ পাবহি অৰ্থনৈতিক বৃদ্ধিৰ হাৰ৷ সেই সংশয় বঢ়াই দিলে আই এদ এফৰ নতুন হিচাপে৷ অহা বিত্তীয় বৰ্ষত আই এম এফৰ পূৰ্বাভাস-বৃদ্ধিৰ হাৰ হ’ব ৫.৮ শতাংশ৷ যিটো আগৰ পূৰ্বাভাসতকৈ ০.৯ শতাংশ কম৷