ASSAM TIMES POST
ডিব্ৰুগড় :কিমাশ্বাৰ্যম!কেইবা লাখ টকাৰ বাজেট,কলকাতাৰ পৰা আমন্ত্ৰিত কাৰিকৰে সজোৱা হৈছে বিশাল পূজা মণ্ডপ।এইয়া হয়তো আপোনাৰ বাবে ডাঙৰ কথা নহয়।প্ৰতি বছৰৰ দূৰ্গা পূজাত শক্তীৰ আৰাধ্য দেৱী মা দূৰ্গাক পূজিবলৈ ৰাজ্যত এনে আকৰ্ষণীয় মণ্ডপ বৰ্তমান দেখিবলৈ পোৱাতো স্বাভাৱিক।কিন্তু বিদ্যাৰ আৰাধ্য দেৱী সৰস্বতীৰ বন্দনাৰ বাবে এনে আয়োজন ৰাজ্যত বিৰল।
এইবাৰ ডিব্ৰুগড়ত একাংশ ধৰ্মপ্ৰাণ ৰাইজৰ উদ্যোগত বীণাপাণিৰ পূজাৰ মণ্ডপ সাজিছে দূৰ্গা পূজাৰ দৰেই কলকাতাৰ কাৰিকৰ হাতৰ যাদুকৰী পৰশৰে।ডিব্ৰুগড় চহৰৰ গ্ৰেহেম বজাৰৰ দীপক সংঘৰ সৰস্বতী পূজাৰ এইবাৰ সোণালী জয়ন্তী।সেয়ে বিশেষ ভাবে ৪দিনীয়াকৈ আয়োজন কৰা হৈছে এই ভাগ পূজা এইবাৰ।
৪ লাখ ৭০হাজাৰ টকাৰ বাজেটেৰে আয়োজন কৰা এই পূজাৰ মণ্ডপ নিৰ্মাণৰ বাবে কলিকতাৰ পৰা অনা হৈছে কাৰিকৰ।প্ৰতিষ্ঠা কৰা হৈছে ১৪ফুট উচ্চ সৰস্বতীৰ মৃন্ময় প্ৰতিমা।প্ৰায় ৭০ দশকৰ পৰাই পালন কৰি অহা পূজাভাগৰ স্বৰ্ণ জয়ন্তীৰ এইবাৰৰ আয়োজন এতিয়া আকৰ্ষণৰ কেন্দ্ৰত পৰিণত হৈছে ডিব্ৰুগড়ত।













