ASSAM TIMES POST
নিউজ ডেস্ক
জামিয়াৰ ছাত্রসকলৰ সমদলত গুলীচালনাৰ অভিযোগত অভিযুক্ত যুৱকজনৰ পৰিচয় লাভ কৰা গৈছে৷ ভাইৰেল হোৱা ভিডিঅ’ত স্পষ্টভাৱে দেখা গৈছে, ‘ইয়ে লো আজাদি’ বুলি কৈ কৈ গুলী চলাইছিল যুৱকজনে। আক্ৰমণৰ কেইমিনিটমান পূৰ্বে পিষ্টল দেখুৱাই লাইভো কৰিছিল। কৈছিল ‘প্ৰতিশোধ’ লোৱাৰ কথা। পোষ্টত লিখিছিল, ‘শাহীন বাগ খেলা খতম।’ ইয়াৰ পিছতেই এক ভিডিঅ’ সন্মুখলৈ আহোতেই প্রশ্ন উঠে ব্যক্তিজনৰ পৰিচয়ক লৈ৷
আৰক্ষী সূত্রৰ খবৰ অনুযায়ী, উত্তৰ প্রদেশৰ গৌতমবুদ্ধ নগৰৰ বাসিন্দা এই ব্যক্তিজন। তেওঁৰ বয়স ১৯ বছৰ। ফেচবুকত ৰামভক্ত গোপাল নামে এটি প্ৰ’ফাইল চলায় তেওঁ। তাৰ পৰাই বাৰম্বাৰ আক্ৰমণৰ বিষয়ে নানা পোষ্ট কৰা হৈছিল। বিৰোধিতা কৰা হৈছিল শাহিন বাগ আন্দোলনৰ।
উল্লেখ্য যে বৃহস্পতিবাৰে মহাত্মা গান্ধীৰ ৭২তম মৃত্যুবার্ষিকী উপলক্ষে ৰাজঘাটৰ দিশে শান্তিপূর্ণভাৱে সমদল কৰি আগবাঢ়িছিল জামিয়াৰ শিক্ষাৰ্থীসকল। সেই সময়তেই সমদলক লক্ষ্য কৰি পিষ্টল টোঁৱাইছিল অভিযুক্তই। এই ঘটনাৰ পিছতে ছাত্ৰসকলে ধৰিছিল যুৱকজনক। পিছত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে যুৱকজনক। তেওঁৰ ফেচবুক প্ৰ’ফাইলত স্পষ্ট, তেওঁ দীর্ঘ সময় ধৰি পৰিকল্পনা কৰিছিল এই আক্ৰমণৰ। বাৰম্বাৰ ধমকি দি পোষ্ট কৰিছিল। পোষ্টৰ বিষয়বস্তু আছিল এনেধৰণৰ, ‘শাহিন বাগ খেল খতম,’ ‘এয়াই আমাৰ শেষযাত্রা’, ‘আমি ইয়াত অকলে হিন্দু’। পিষ্টল দেখুৱাই লাইভ কৰিছিল। তেওঁৰ বক্তব্য, জনৈক চন্দন নামৰ ব্যক্তিৰ হত্যাৰ প্ৰতিশোধত এই ঘটনা সংঘটিত কৰিছে তেওঁ।
আনহাতে, গোপালৰ গুলীত আহত হয় চাদাব ফাৰুক নামৰ এজন ছাত্র। তেওঁৰ বাঁও হাতত গুলী লাগে। কাশ্মীৰী যুৱকজনত প্রথমতে ‘হোলি ফেমিলি’ হাস্পতাললৈ নিয়া হয়। পিছত তেওঁক অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্সৰ ট্রমা চেণ্টাৰত ভর্তি কৰোৱা হয়৷













