
সোমবাৰে কাৰ্বি আংলঙত চৰকাৰে পূঁজীপতি সকলক ভূমি আবণ্টন দিয়াৰ সিদ্ধান্তৰ বিৰোধিতাৰে APHLC, CPI(ML)আৰু NPP য়ে ডিফু চহৰত বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে ৷
আম্বানিক CBG প্ৰকল্পৰ বাবে পশ্চিম কাৰবি আংলং জিলাত ৯০ হাজাৰ বিঘা মাটি দিয়া , সৌৰশক্তি প্ৰকল্পৰ বাবে বৰজানত ১৮ হাজাৰ বিঘা মাটি APDCL ক দিয়া ,পতঞ্জলিৰ পাম অইলৰ খেতিৰ বাবে চামেলাংচ’ত ৫০ হাজাৰ বিঘা মাটি দিয়া , সৈনিক স্কুলৰ বাবে লাংৱুকুত ৫০০ বিঘা মাটি দিয়াৰ বিৰুদ্ধে ডিফুত আজি APHLC / CPI ML আৰু NPP দলৰ বৃহৎ প্ৰতিবাদী সমদল উলিয়াই ৷

ডিফু বিৰলাৰ পৰা প্ৰায় ৮ কিলোমিটাৰ খোজ কাঢ়ি সমদলটো কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ প্ৰবেশ দ্বাৰলৈ আহি তীব্ৰ প্ৰতিবাদ কৰে ৷প্ৰতিবাদকাৰী সকলে আম্বানিৰ CBG প্ৰকল্প হবলৈ দিয়া নহব , আম্বানি গ বেক , ছলাৰ প্ৰজেক্ট গ বেক , হিমন্ত বিশ্ব শৰ্মা গ বেক , তুলিৰাম ৰংহাং গ বেক , বিজেপি গ বেক ধ্বনিৰে ডিফু চহৰ উত্তাল কৰি তুলে ৷
APHLC ৰ যুৱ নেতা আংতং ইংতি কাথাৰে সংবাদ মাধ্যমৰ আগত কয় যে কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদে জনতাক অন্ধকাৰত ৰাখি বৃহৎ পুঁজিপতিক এফালৰ পৰা মাটি দিবলৈ লৈছে ৷ নেপিয়াৰ ঘাঁহ ৰোপণ কৰি বৃহৎ CBG প্ৰকল্পৰ বাবে লাখ বিঘা মাটি লাগিব ৷ সেই মাটি কেৱল পশ্চিম কাৰবি আংলং জিলাৰ আমৰি সমষ্টিতে নহ’ব ৷ এনেদৰে বৰজানৰ সৌৰশক্তি প্ৰকল্পৰ বাবে ১৮ হাজাৰ বিঘা মাটি দিয়াৰো তেওঁ বিৰোধিতা কৰে ৷ তেওঁ কয় সৈনিক স্কুলৰ ফীজ ১ লাখ টকা।আমাৰ দুখীয়া মানুহে তাত সন্তাক পঢ়াব নোৱাৰে।
সৈনিক স্কুল পতাৰ আগত তাত জনজাতীয় ল’ৰা-ছোৱালী ৰ বাবে কিমান চীট থাকিব সেয়া স্পষ্ট কৰক ৷ একেদৰে প্ৰথম যুৱক-যুৱতী সকলৰ পাৰদৰ্শী কৰাৰ কাৰ্যসূচী লোৱাৰো আহৱান জনায় । কাৰণ বোকাজান চিমেণ্ট কাৰখানা আৰু লাংপি জলবিদ্যুৎ প্ৰকল্প আছে কিন্ত তাত স্হানীয় কৰ্মচাৰী নাই ৷
আংতং ইংতি কাথাৰ পৰিষদৰ সচিব , উপ-সচিবৰ এটা দল আহি প্ৰতিবাদকাৰী সকলৰ স্মাৰকপত্ৰ আনুষ্ঠানিকভাবে গ্ৰহণ কৰে ৷ প্ৰতিবাদৰ নেতৃত্ব লোৱা APHLC দলৰ সভাপতি জনচ্ ইংতি কাথাৰে কয় যে বিজেপি আৰ এছ এছে সদায় জনজাতীয় লোকক নি:শেষ কৰাৰ ষড়যন্ত্ৰ কৰি আহিছে ৷ সেয়ে জনজাতীয়ৰ মাটি সৌৰ প্ৰকল্প , আম্বানিৰ দৰে পুঁজিপতিক দিব বিছাৰিছে ৷












