ASSAM TIMES POST
স্পৰ্টছ ডেস্ক
আধা ডজন মেচত অপৰাজিত ! হয়, টি-২০ ফৰমেটত এনেকুৱা এক অদ্ভুত ৰেকর্ডেই গঢ়িছে ভাৰতৰ মিডল অর্ডাৰৰ বেটছমেন মণীষ পাণ্ডেই।
শুকুৰবাৰে ৱেলিংটনত নিউজীলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ চতুর্থখন টি-২০ত ৫০ ৰাণত অপৰাজিত আছিল মণীষ। টি-২০ আন্তর্জাতিকত পূৰ্বৰ পাঁচ ইনিংছত মণীষ পাণ্ডেৰ ৰাণ যথাক্রমে অপৰাজিত ১৪, অপৰাজিত ১৪, অপৰাজিত ৩১, অপৰাজিত ২২ আৰু অপৰাজিত ২। এই আটাইকেইখনেই হৈছে আন্তর্জাতিক ক্রিকেট মেচ। এই ছয়টাৰ ভিতৰত তিনিটা ইনিংছ নিউজীলেণ্ডৰ বিৰুদ্ধে। বাকী তিনিটা ইনিংছ শ্রীলঙ্কা, বাংলাদেশ আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে।
ৱেষ্ট ইণ্ডিজৰ ভিতৰত বিগত বছৰৰ ৬ আগষ্টত প্রভিডেন্সত ২ ৰাণত নট আউট আছিল মণীষ। তাৰ পিছত ঘৰুৱা খেলপথাৰত বাংলাদেশ আৰু শ্রীলঙ্কাৰ বিৰুদ্ধে টি-২০ শৃংখলাত এটিকৈ ইনিংছ খেলিছিল তেওঁ। তাৰ পিছত নিউজীলেণ্ডলৈ আহি চলিত শৃংখলাত খেলিছে তিনিটা ইনিংছ। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সেই অভিযানৰ পৰা এতিয়া পর্যন্ত মুঠ ১৯খন টি-২০ খেলিছে ভাৰতে। তাৰ ভিতৰত মণীষ প্রথমতে দলত আছিল ৯খন মেচত। আৰু প্রতিখনতেই জয়ী হৈছে ভাৰত।
এই সময়ছোৱাত ঘৰুৱা টি-২০ ক্রিকেটতো ছয়টা ইনিংছত অপৰাজিত আছিল তেওঁ। সেই ইনিংছকেইটাত কর্নাটকৰ হৈ যথাক্রমে ২২, ১৪, ১৪, ৩১, ৬০ আৰু ৩ ৰাণত অপৰাজিত আছিল মণীষ পাণ্ডে। কর্নাটকৰ চৈয়দ মোস্তাক আলি ট্রফী জিকাৰ নেপথ্যত তেওঁৰ অৱদান আছিল অধিক। বিগত বছৰতো এই প্রতিযোগিতাত চেম্পিয়ন হৈছিল কর্নাটক। এইখনেই ভাৰতৰ ঘৰুৱা টি-২০ ক্রিকেটৰ আগশাৰীৰ প্রতিযোগিতা।
টি-২০ আন্তর্জাতিক ক্রিকেটত মণীষ পাণ্ডেৰ গড় এতিয়া ৪৬.৪০। দেশৰ হৈ এই ফৰমেটত ৩৭খন মেচ খেলিছে তেওঁ। ৩১ ইনিংছত ১৬ বাৰ নট-আউট আছিল তেওঁ। কৰিছে ৬৯৬ ৰাণ। সর্বাধিক অপৰাজিত ৭৯। ষ্ট্ৰাইক ৰেট ১২৬.৫৪।













