
দেওবাৰে ডিফুৰ মামনি ৰয়ছম গোস্বামী ভৱনত কাৰবি আংলং জিলা কবি সন্মিলনৰ উদ্যোগত বহু ভাষিক কবি সন্মিলনৰ অনুষ্ঠিত হয়৷

জিলা কবি সন্মিলনৰ সভাপতি ছাৰএৎ হাঞ্চে সঞ্চালনা কৰা গাম্ভীৰ্যপূৰ্ণ কবি সন্মিলনখনৰ লগত সংগতি ৰাখি আৰুন্যা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গিৰীশ কুমাৰ বৰুৱাৰ কাব্যগন্থ এজাক সপোনৰ ডেউকা ঊন্মোচন কৰে গীতা হাঞ্চেপীয়ে৷

সম্পাদক কৌস্তৱ খাউণ্ডে আতধৰা অনুষ্ঠানটিত উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ উপসভাপতি উজ্জ্বল পাওগাম ৷ অুষ্ঠানতোত প্ৰায় দুকুৰি কবিয়ে কবিতা পাঠ কৰি কবিতা পাঠ অনুষ্ঠানটি জীপাল কৰি তোলে ৷













