ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

RBI Repo Rate : মধ্যবিত্তক সকাহ দি দ্বিতীয়বাৰৰ বাবে ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 9, 2025
Reading Time: 1 min read
A A
0
RBI Repo Rate : মধ্যবিত্তক সকাহ দি দ্বিতীয়বাৰৰ বাবে ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

মধ্যবিত্ত শ্ৰেণীক সকাহ দি পুনৰবাৰ ৰেপো ৰেট কৰ্তন (Repo Rate Cut)ৰ সিদ্ধান্ত ভাৰতীয় ৰিজাৰ্ভ বেংক (Reserve Bank of India)ৰ। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ অধ্যক্ষতাত মুদ্ৰানীতি সমিতিৰ বৈঠক বিগত কিছুদিন ধৰি চলি আছে। এই বৈঠকত মধ্যবিত্ত শ্ৰেণীৰ ওপৰত হেঁচা কমোৱাৰ বাবে ৰেপো ৰেট হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি ৰেপো ৰেট ২৫ বেছিছ পইণ্ট (বি পি এছ) কৰ্তন কৰা হয়।

এই প্ৰসংগত আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই কয়, “ৰেপো ৰেট ৬ শতাংশলৈ হ্ৰাস কৰা হৈছে। যিটো পূৰ্বতে আছিল ৬.২৫ শতাংশ।” আৰ বি আয়ে লগতে অৱগত কৰিছে যে মুদ্ৰানীতি সমিতিয়ে সৰ্বসন্মতিক্ৰমে ৰেপো ৰেট হ্ৰাস কৰাৰ পক্ষত আছিল।

rbi 1 | ASSAM TIMES POST
দ্বিতীয়বাৰৰ বাবে ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ

শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নতুন শুল্ক নীতি ঘোষণা কৰিছে। আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৬ শতাংশ আমদানি শুল্ক আৰোপ কৰিছে। যিটোৱে নিঃসন্দেহে নৰেন্দ্ৰ মোদী চৰকাৰৰ ওপৰত হেঁচা বৃদ্ধি কৰিছে। বিশেষকৈ ভাৰতীয় অৰ্থনীতিৰ ওপৰত চাপ বাঢ়িছে। ড’নাল্ড ট্ৰাম্পৰ নতুন শুল্ক নীতিৰ বাবে ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি বৃদ্ধি হ্ৰাস পাব পাৰে বুলি আশংকা কৰিছে অৰ্থনীতিবিদসকলে।

ইফালে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ বৈঠক অতি গুৰুত্বপূৰ্ণ আছিল। উক্ত বৈঠকৰ শেষত ৰেপো ৰেট হ্ৰাস কৰাৰ কথা ঘোষণা কৰা হয়। এই ঘোষণাৰ ফলত সাধাৰণ ৰাইজে কিছু সকাহ পাব। সাধাৰণ জনতাৰ ওপৰত ই এম আইৰ বোজা কিছু পৰিমাণে কমিব বুলি আশা কৰা হৈছে। খবৰ অনুসৰি, অতি সোনকালে এই সিদ্ধান্ত কাৰ্যকৰী হ’ব। বেংকসমূহক এই সন্দৰ্ভত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও কোৱা হৈছে।

উল্লেখ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকে এই বছৰৰ আৰম্ভণিতে অৰ্থাৎ ফেব্ৰুৱাৰী মাহত ৰেপো ৰেট হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল। সেই সময়ত ৰেপো ৰেটত ০.২৫ শতাংশ কৰ্তনৰ কথা ঘোষণা কৰা হৈছিল । তাৰ পিছত ৰেপো ৰেট ৬.৫০%ৰ পৰা ৬.২৫%লৈ হ্ৰাস পাইছিল। যিসময়ত সাধাৰণ মানুহে আকাশলংঘী সুতৰ বোজাৰ বাবে তীব্ৰ হেঁচাত পৰিছিল, সেই সময়ত ৰেপো ৰেট কৰ্তনৰ দাবী উত্থাপন হৈছিল। অৱশেষত পাঁচটা দীঘলীয়া বছৰৰ পাছত ৰিজাৰ্ভ বেংকে ৰেপো ৰেট কৰ্তনৰ কথা ঘোষণা কৰে। এইটো ১ এপ্ৰিলৰ পৰা অৰ্থাৎ ২০২৫-২০২৫ বিত্তীয় বৰ্ষৰ পৰা কাৰ্যকৰী হৈছে। ইয়াৰ মাজতে কেইমাহমানৰ ভিতৰত পুনৰবাৰ ৰেপো ৰেট হ্ৰাসৰ কথা ঘোষণা কৰা হৈছে। যিটো অতি তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে।

Tags: RBIRepoRateCutৰেপোৰেটহ্ৰাস
Share4Tweet3Send

Related Posts

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ
Economy

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

by News Desk
June 3, 2026
50
Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা
Economy

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

by News Desk
April 1, 2026
50
Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম
Economy

Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম

by News Desk
March 9, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
Economy

World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি

by News Desk
March 7, 2026
50
ADVERTISEMENT
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
50
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx