
আদালতে কেতিয়াও দেশৰ ৰাষ্ট্ৰপতিক নিৰ্দেশ দিব নোৱাৰে। সংসদৰ উচ্চ সদনৰ অধ্যক্ষ জগদীপ ধনখৰে ন্যায় ব্যৱস্থাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। শেহতীয়াকৈ এটা গোচৰত উচ্চতম ন্যায়ালয়ে (Supreme Court of India) কয় যে যিকোনো বিধেয়ক সন্দৰ্ভত ৰাষ্ট্ৰপতিয়ে তিনি মাহৰ ভিতৰত সিদ্ধান্ত ল’ব লাগে।

এই সময়সীমাৰ বাহিৰত যদি কোনো বিল এৰি দিয়া হয় তেন্তে কাৰণ জনাব লাগিব। ধনখৰে ৰাষ্ট্ৰপতিৰ বাবে এনে সময়সীমাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে।
বৃহস্পতিবাৰে এক অনুষ্ঠানত ভাষণ দি ধনখৰে ৰাষ্ট্ৰপতিৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ বিষয়টো উত্থাপন কৰে। তেওঁ কয় যে ভাৰতীয় সংবিধানৰ ১৪২ অনুচ্ছেদত দেশৰ উচ্চতম ন্যায়ালয়ক বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে। ২৪ ঘণ্টাই ন্যায়পালিকাৰ এই ক্ষমতা আছে। কিন্তু সেই শক্তিক গণতন্ত্ৰৰ বিৰুদ্ধে ‘পাৰমাণৱিক ক্ষেপণাস্ত্ৰ’ হিচাপে ব্যৱহাৰ কৰা হৈছে।
ধনখৰে কয়, “শেহতীয়া ৰায়দানত দেশৰ ৰাষ্ট্ৰপতিক নিৰ্দেশ দিয়া হৈছে। আমি ক’লৈ গৈ আছো? এই দেশত কি চলি আছে? আমি অতি সংবেদনশীল হ’ব লাগিব। আমি কেতিয়াও গণতন্ত্ৰৰ বাবে দৰদাম কৰা নাই। ৰাষ্ট্ৰপতিক এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত সিদ্ধান্ত ল’বলৈ কোৱা হৈছে। আৰু যদি নহয়, তেন্তে বিধেয়কখন আইনত পৰিণত হ’ব।”
ন্যায়িক ব্যৱস্থাৰ ওপৰত ধনখৰে কয়, “এতিয়াৰ পৰা ন্যায়াধীশে আইন প্ৰণয়ন কৰিব আৰু সংসদীয় কাম কৰিব। তেওঁলোক জবাবদিহি হ’ব নালাগে। কাৰণ তেওঁলোকৰ ক্ষেত্ৰত আইন প্ৰযোজ্য নহ’ব।”
এই প্ৰসংগত ভাষণ দি পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বৰ্মাৰ ঘৰৰ পৰা নগদ ধন উদ্ধাৰৰ কথাও উল্লেখ কৰে।
তেওঁ কয়, “১৪-১৫ মাৰ্চৰ নিশা নতুন দিল্লীৰ এজন ন্যায়াধীশৰ ঘৰত এটা ঘটনা সংঘটিত হৈছিল। সাত দিনলৈকে কোনেও নাজানিছিল। আমি নিজকে প্ৰশ্ন কৰা উচিত। কিয় এই ঘটনা পোহৰলৈ অহাত দেৰি হৈছে? ইয়াৰ কিবা ব্যাখ্যা আছেনে? এই ঘটনাই কিমান মৌলিক প্ৰশ্নৰ উত্থাপন কৰে? যিকোনো স্বাভাৱিক পৰিঘটনাত অৱশ্যে পৰিস্থিতি বেলেগ হ’লহেঁতেন। ২১ মাৰ্চৰ আগতে কোনেও নাজানিলে।”
ধনখৰে লগতে কয়, “সৌভাগ্যক্ৰমে আমি এই বিষয়ে উচ্চতম ন্যায়ালয়ৰ পৰা পিছত তথ্য পাইছিলোঁ। সেই তথ্যৰ পৰাই দোষী সাব্যস্ত হোৱাৰ ইংগিত পোৱা গৈছে। বুজা গৈছে যে তদন্তৰ প্ৰয়োজন। এতিয়া সমগ্ৰ দেশ অপেক্ষা কৰি আছে। দেশখন অস্থিৰ। কাৰণ যি প্ৰতিষ্ঠানক সকলোৱে সন্মান কৰে আৰু বিশ্বাস কৰে, সেই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।”











