
ৰাজ্যত থকা পাকিস্তানীসকলক চিনাক্ত কৰি তেওঁলোকক শীঘ্ৰে দেশলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰা হওক। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) এই সন্দৰ্ভত দেশৰ প্ৰতিগৰাকী মুখ্যমন্ত্ৰীক নিৰ্দেশ দিছে।

একাধিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, শুকুৰবাৰে অমিত শ্বাহে দেশৰ সকলো মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতে। সংশ্লিষ্ট ৰাজ্যখনত কোনো পাকিস্তানী নাগৰিক আছে নেকি সেয়া পৰীক্ষা কৰিব লাগিব বুলিও তেওঁ কয়।
যদি কোনোবা বাকী থাকে তেন্তে তেওঁলোকক চিনাক্ত কৰি পাকিস্তানলৈ ঘূৰাই পঠিয়াব লাগিব বুলি নিৰ্দেশ দিয়ে। কিন্তু মুখ্যমন্ত্রীসকলৰ সৈতে অমিত শ্বাহৰ বার্তালাপ সন্দর্ভত কেন্দ্র অথবা গৃহ মন্ত্ৰালয়ে কোনো আনুষ্ঠানিক বিবৃতি প্ৰদান কৰা নাই৷
উল্লেখ্য যে মঙলবাৰে জম্মু-কাশ্মীৰৰ পহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৫জন পৰ্যটকসহ মুঠ ২৬জন লোক নিহত হয়। এই আক্ৰমণৰ বাবে ভাৰতে পাকিস্তানৰ প্ৰতি অভিযোগৰ আঙুলি টোঁৱাইছে। কেৱল সেয়াই নহয়, ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিছৰীয়েও ভাৰতৰ দাবীৰ সমৰ্থনত আমেৰিকান আৰু ব্ৰিটিছ কূটনীতিবিদসকলক কিছু প্ৰমাণ দেখুৱাইছে।
ইফালে পাকিস্তানীৰ বিৰুদ্ধে কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰি নতুন দিল্লীয়ে দেশখনৰ নাগৰিকক ভিছা প্ৰদান বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। ভাৰতে পূৰ্বে প্ৰদান কৰা ভিছা বাতিল কৰাৰ কথাও ঘোষণা কৰিছে।
ভাৰতে স্পষ্টকৈ উল্লেখ কৰিছে যে বৰ্তমান ভাৰতত থকা পাকিস্তানীসকলে ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত এৰি যাব লাগিব। এনে পৰিস্থিতিৰ মাজতেই অমিত শ্বাহে বিভিন্ন ৰাজ্যত বসবাস কৰা পাকিস্তানীক বিচাৰি উলিয়াই নিজৰ দেশলৈ ঘূৰাই পঠিয়াবলৈ নিৰ্দেশ দিছে।











