ASSAM TIMES POST
ডিফু :বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত আজি দিনযোৰা কাৰ্যসূচীৰে দুয়োখন পাৰ্বত্য জিলা পূব আৰু পশ্চিম কাৰবি আংলং জিলাত আয়োজিত কৰে ‘আইদেউ বুলনি শীৰ্ষক’ এক বাৰেৰহণীয়া অনুষ্ঠান ৷ দুয়োখন জিলাৰে প্ৰতিটো উন্নয়ণ খণ্ড ভিত্তিত আয়োজন কৰা এইঅনুষ্ঠানৰ, সিংহাসন,লাংফেৰ, লাংহিন পৰিষদীংয় সমষ্টিক সামৰি লাংচ’মেপী ব্লক মণ্ডল সমিতিয়ে বকলীয়াঘাট ইউনাইটেড কাৰবি ক্লাব প্ৰাঙ্গনত ‘আইদেউ বুলনি’অনুষ্ঠিত কৰে ৷

অনুষ্ঠানত অসম চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ণ দপ্তৰৰ মন্ত্ৰী ছুম ৰংহাঙৰ লগতে লাংফেৰ পৰিষদীয় সমষ্টিৰ সদস্য ৰামছিং তিমুঙ ,কাৰবি আংলং জিলা বিজেপিৰ সভাপতি ধনছিং টেৰণ , লাংফেৰ ভিডিচি অধ্যক্ষ বাবু হাঞ্ছে বকলিয়া মিউনিচিপাল ব’ৰ্ডৰ অধ্যক্ষ হেমছিং টেৰণ, লাংচ’মেপী বিএলচিচিৰ. সভাপতি নৰেণ টেৰণ, হাওৰাঘাট বিএলচিচিৰ সভাপতি বিদ্যাছিং ডেৰা আদি উপস্থিত থাকে ৷ সকলো মণ্ডলৰ সভাপতি ,মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী তথা দলীয় কৰ্মকৰ্তাৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত হোৱা অনুষ্ঠানত মহিলা সকলে বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসুচী প্ৰদৰ্শন কৰে ৷

আনহাতে পশ্চিম কাৰবি আংলঙৰ টুমপ্ৰেঙ মুকলি প্ৰেক্ষাগৃহত অনুষ্ঠিত ‘আইদেউ বুলনি ‘শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ ৷ পশ্চিম কাৰবি আংলং জিলাৰ মহিলা মৰ্চাৰ উদ্যোগত আয়োজিত উক্ত অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য গৰাকীৰ বৈঠালাংছ’ৰ বিধায়ক ডাঃ মানচিং ৰংপি, পৰিষদীয় সদস্য ক্ৰমে, ৰীণা তেৰাঙপী, ৰিচাৰ্ড টকবী, পৱন কুমাৰ ,জিলা মহিলা মৰ্চাৰ সভানেত্ৰী মনমী টেৰণপী আদি উপস্থিত থাকে ৷
ছাইদুল ইছলাম, ডিফু ৷৷













