ASSAM TIMES POST
নগাঁও : নগাঁও জিলাৰ ইটাচালী নগৰ আৰক্ষী চকীৰ অন্তৰ্গত ডিমৰুগুৰিৰ ৰেনল্ট(Renault)ডিলাৰত আজি পুৱা পুতুল শইকীয়া(৫২) নামৰ এজন কৰ্মচাৰীৰ মৃতদেহ ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।প্ৰাপ্ত তথ্য মতে গোমোঠা গাঁৱৰ পুতুল শইকীয়া নামৰ বিবাহিত ব্যক্তিগৰাকীয়ে বিগত কেইবামাহ ধৰি ডিমৰুগুৰিৰ উক্ত প্ৰতিষ্ঠানটোত নিৰাপত্তা ৰক্ষী হিচাপে কৰ্মৰত হৈ আছিল।
ব্যক্তিজনে কালি বিয়লি প্ৰতিষ্ঠানটোত নৈশ কৰ্তব্যৰ উদ্দেশ্যৰে ঘৰৰ পৰা গৈছিল।কিন্তু আজি পুৱা প্ৰতিষ্ঠানটোত অন্য এগৰাকী কৰ্মচাৰী নিজৰ কৰ্তব্যৰ বাবে যাওঁতে শইকীয়াৰ মৃত্যু হোৱাৰ ঘটনাটো পোহৰলৈ আহে।কৰ্মচাৰীজনে ডিলাৰটোৰ মূল প্ৰৱেশদ্বাৰ বন্ধ দেখি পুতুল শইকীয়া নামৰ লোকজনৰ লগত মোবাইল ফোনেৰে কেইবাবাৰো যোগাযোগ কৰাৰ চেষ্টা কৰে যদিও তেওঁৰ পৰা কোনো সঁহাৰি নাপালে।অৱশেষত কৰ্মচাৰীজনে প্ৰতিষ্ঠানটোৰ অন্য এখন প্ৰৱেশদ্বাৰৰে ভিতৰত প্ৰৱেশ কৰাত পুতুল শইকীয়া নামৰ ব্যক্তিজন এটা কোঠাৰ মজিয়াত মৃত অৱস্থাত পৰি থকা দেখা পায়।
পিছত প্ৰতিষ্ঠানটোৰ কর্তৃপক্ষই ঘটনাটোৰ সন্দৰ্ভত নগাঁৱৰ ইটাচালি আৰক্ষীৰ লগতে পৰিয়ালৰ লোকক অৱগত কৰে।কিছু সময়ৰ পিছতে নগাঁৱৰ আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।ইতিমধ্যে ঘটনা সন্দৰ্ভত মৃত ব্যক্তিগৰাকীৰ পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও ব্যক্তিগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীয়ে চি. চি.টিভিৰ কেমেৰাত চলোৱা পৰ্যবেক্ষণৰ পিছতহে লোকজনৰ কি পৰিস্থিতিত মৃত্যু হল সেই কথা পোহৰলৈ আহিব।













