ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মৰঙিত কৰ্ম আৰু প্ৰজ্ঞাৰ সাধক অৰূপ কুমাৰ দুৱৰাক ৰাজহুৱা সম্বৰ্ধনা : সহস্ৰাধিকৰ উপস্থিতিত অভিনন্দন গ্ৰন্থ উন্মোচন

ASSAM TIMES POST by ASSAM TIMES POST
February 4, 2020
Reading Time: 1 min read
A A
0
মৰঙিত কৰ্ম আৰু প্ৰজ্ঞাৰ সাধক অৰূপ কুমাৰ দুৱৰাক ৰাজহুৱা সম্বৰ্ধনা : সহস্ৰাধিকৰ উপস্থিতিত অভিনন্দন গ্ৰন্থ উন্মোচন

0 1 e1574345654996 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

উৎপল দাস, গোলাঘাট

গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙি মৌজাৰ শিক্ষা , সমাজ, সাহিত্য আৰু সংস্কৃতিৰ অগ্ৰণী সেৱক অৰূপ কুমাৰ দুৱৰাক সোমবাৰে দৈগ্ৰোঙৰ ধলাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অৰ্ধশতাধিক দল সংগঠন, অনুষ্ঠান প্রতিষ্ঠানৰ লগতে সহস্ৰাধিক গুণমুগ্ধই বিপুল সম্বৰ্ধনা জনায় । বিশিষ্ট নিবন্ধকাৰ তথা দৈয়াং মহাবিদ্যালয়ৰ উপাধ্যক্ষ মনোজ কুমাৰ শইকীয়াৰ সঞ্চালনাত ধলাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা কৰ্ম জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰে মহীয়ান অৰূপ কুমাৰ দুৱৰাৰ অভিনন্দন অনুষ্ঠানত তেখেতৰ এখন অভিনন্দন গ্রন্থও উন্মোচন কৰা হয়।

শিক্ষক তথা সাংস্কৃতিক কৰ্মী জিতেন কু্মাৰ হাজৰিকা আৰু বিশিষ্ট নিবন্ধকাৰ অৰ্ণৱ শইকীয়াই আঁত ধৰা অনুষ্ঠানটি উদ্ধোধন কৰি মৰঙি প্ৰেছ ক্লাৱৰ সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী প্ৰীয়ংদ্বীপ কাকতিয়ে সমাজ তথা প্ৰজন্মৰ উত্তৰণত অৰূপ দুৱৰা ৰ ব্যক্তিত্ব আৰু তেওঁৰ বহুমুখী প্ৰতিভা সম্পৰ্কে আলোকপাত কৰে ।তেওঁ লগতে কয় যে , মৰঙি মৌজাৰ লগতে জিলাখনৰ শিশু সকলৰ মাজত বিজ্ঞান মানসিকতা গঢ় লৈ উঠাটো অৰূপ কুমাৰ দুৱৰাৰ অৱদান অপৰিসীম। অনুষ্ঠানত নিবন্ধকাৰ অৰ্ণৱ শইকীয়া আৰু প্ৰাঞ্জল দাসৰ সম্পাদনাত জনসেৱক গৰাকীৰ জীৱন ভিত্তিত “কৰ্ম আৰু প্ৰজ্ঞাৰ সাধক” শীৰ্ষক গ্ৰন্থখনি শুভ উন্মোচন কৰে তেজপুৰ বিজ্ঞান কেন্দ্রৰ মুখ্য বিজ্ঞানী প্ৰমোদ কুমাৰ ডেকাই।

ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ পূৰ্বে পুৱাতেই সমাজৰ অতন্দ্ৰ প্ৰহৰীৰ ভূমিকা পালন কৰা অৰূপ কুমাৰ দুৱৰাক এখন পুষ্প সজ্জিত বাহনত নিজা ঘৰ দৈগ্ৰোঙৰ পৰা ধলাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগনলৈ ছাত্ৰ ছাত্ৰী , প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু ধলাগুৰি বাসী ৰাইজে আদৰণি অনাৰ দৃশ্য আছিল উল্লেখনীয় । পুৱা অগ্ৰণী শিক্ষানুষ্ঠান ঢলাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ স’তে অৰূপ কুমাৰ দুৱৰাৰ অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটি শুভ উদ্বোধন কৰে শিক্ষক মিলনজ্যোতি শইকীয়াই। ইয়াৰ পিছতেই “অৰূপ কুমাৰ দুৱৰাৰ স্মাৰক বৃক্ষ ৰোপণ ” কৰে গোলাঘাট জিলাৰ জ্যেষ্ঠ সাংবাদিক তথা প্ৰকৃতিপ্ৰেমী অপূৰ্ব্ব বল্লৱ গোস্বামীয়ে।

উল্লেখযোগ্য যে ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত ধলাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ কতৃপক্ষই অসমীয়া সংস্কৃতিৰ প্ৰতীক জাপি, সম্বৰ্ধনা পত্ৰ, গামোচা , চেলেং, স্মাৰক আদিৰে তেখেতক উস্ম অভিনন্দন জনাই।লগতে মৰঙি প্ৰেছ ক্লাৱ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মৰঙি আঞ্চলিক সমিতি, মৰঙি আঞ্চলিক ছাত্ৰ সন্থা, আটছা ধলাগুৰি শাখা, কৃষক মুক্তি সংগ্ৰাম সমিতি মৰঙি আঞ্চলিক সমিতি আদি অঞ্চলটোৰ অৰ্ধ শতাধিক দল সংগঠন, অনুষ্ঠান প্রতিষ্ঠানে আৰু সহস্ৰাধিক গুণমুগ্ধই সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানটিত গোলাঘাটৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনোজ বৰুৱা, বিশিষ্ট সমাজকৰ্মী তথা চিকিৎসক ডাঃ বীৰেণ চন্দ্ৰ গগৈ, আছুৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকন, কবি ৰাখী দত্ত শইকীয়া , তিতাবৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ম: ৱাজিদুৰ ৰহমানৰ লগতে অঞ্চলৰ বিভিন্ন ক্ষেত্ৰৰ সফল ব্যক্তি সকল বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অৰূপ কুমাৰ দুৱৰাৰ কৰ্মময় জীৱন আৰু অৱদানৰ বিষয়ে বক্তব্য আগবঢ়ায় ।

Tags: featured3
Share4Tweet3Send

Related Posts

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
ADVERTISEMENT
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
National-International

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
50
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ
National-International

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
National-International

ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী 

July 5, 2026
50
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

July 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি

ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী 

July 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx