ASSAM TIMES POST
নিউজ ডেক্স
ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী এখন নৈশ বাছ খাৱৈত বাগৰি পৰে৷ এএছ ০১ বিচি ২৮৪৮ নম্বৰৰ বাছখন ধুবুৰীৰ পৰা গুৱাহাটীলৈ গৈ থকা সময়ত ৰংজুলি নামৰ ঠাইত দুৰ্ঘটনাটো সংঘটিত হয়৷ বাছখনে পথৰ দাঁতিৰ এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে৷ ইয়াৰ পাছতে বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই সমীপৰ খাৱৈত বাগৰি পৰে৷
বাতৰি লিখা পৰ্যন্ত পাঁচজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ বাছখনৰ তলত অধিক লোকৰ মৃতদেহ আবদ্ধ হৈ আছে বুলি আশংকা কৰা হৈছে৷ আৰক্ষী আৰু উদ্ধাৰকাৰী দলে ৰাইজৰ সহায়ত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷ধূপধৰাত যাত্ৰীবাহী বাছ দুৰ্ঘটনাত নিহত সকলৰ প্ৰতি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গভীৰ শোক প্ৰকাশ। আহত সকলৰ তৎকালীন চিকিৎসাৰ বাবে যাৱতীয় পদক্ষেপ ল’বলৈ জিলা উপায়ুক্তক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।













