
অসমৰ সাম্প্ৰতিক বানত মৃত্যু (Death in Assam’s flood) হোৱা লোকৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি (Increase to 85 people) পাইছে। আনহাতে, ৰাজ্যৰ পাঁচখন জিলা বৰ্তমানো বানৰ কৱলত আছে৷ অসম ৰাজ্যিক দুৰ্যোগ প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট আৰু ধেমাজি জিলাৰ মুঠ ২১টা ৰাজহ চক্ৰৰ ৩৩৫ খন গাঁও বৰ্তমানো বানৰ কৱলত আছে৷ এই জিলাকেইখনৰ ১,৩৬,২০৩ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। আনহাতে, ১৫,৪২২ হেক্টৰ কৃষিভূমি বানত বিনষ্ট হৈছে ৷

দেওবাৰৰ নিশালৈকে লাভ কৰা তথ্য অনুসৰি, শিৱসাগৰ জিলাত তিনিজন (দুজন পুৰুষ, এগৰাকী মহিলা) লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। আনহাতে, দুজন লোক সন্ধানহীন হৈ আছে৷ আনহাতে, বানাক্ৰান্ত জিলাসমূহত স্থাপন কৰা মুঠ ৩৯টা সাহায্য শিবিৰত প্ৰায় ১০,৮৪৪ জন লোকে বৰ্তমানেও আশ্ৰয় লৈ আছে৷ ইয়াৰ উপৰি ১৫টা কেন্দ্ৰৰ জৰিয়তে সাহায্য সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰা হৈছে। এতিয়ালৈকে ২,৯২৭ চন জন লোকক চৰকাৰী সাহায্য প্ৰদান কৰা হৈছে। ইফালে সংহাৰী বানত ২৪,৪৬০ টা পশুধনো আক্ৰান্ত (24,460 livestock affected) হৈছে।













