
মাজ-আকাশত থকাৰ সময়তে হঠাতে বিমানখনত জোকাৰণি উঠে। কিবা বুজি পোৱাৰ আগতেই বিমানখন তললৈ নামিবলৈ ধৰে। পাইলটে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱাৰ সময়লৈকে বিমানখন ৩০০ ফুট তললৈ নামি ( plane came down to 300 feet) গৈছিল। আকস্মিকভাৱে বিমানখনৰ অৱস্থান সলনি হোৱাৰ ফলত যাত্ৰী আৰু বিমান পৰিচাৰিকাকে ধৰি কমেও ১৪ জন লোক আহত (14 people injured) হোৱা বুলি জানিব পৰা গৈছে। কোনোবাই মূৰত আঘাত পাইছে, কোনোবাৰ আকৌ কাণৰ পৰ্দা ফাটি গৈছে।
এয়াৰ ইণ্ডিয়া (Air India)ৰ বিমান AI2379 মঙলবাৰে ফুকেটৰ পৰা দিল্লী (From Phuket to Delhi) অভিমুখে ৰাওনা হৈছিল। ফুকেটৰ পৰা বিমান যাত্ৰাৰ সময়ত কোনো সমস্যা নাছিল। অৱশ্যে কিছু সময়ৰ পাছত হঠাৎ বিমানখন জোকাৰিবলৈ ধৰে। বিমান পৰিভাষাত ইয়াক ‘এয়াৰ টাৰ্বুলেন্স’ বুলি কোৱা হয়। হঠাতে বতৰ সলনি হ’লে, দুৰ্যোগ আৰম্ভ হ’লে বিমানখনত তীব্ৰ জোকাৰণি অনুভৱ কৰা হয়। বিমানসমূহে যাত্ৰাপথত প্ৰায়ে এই সমস্যাৰ সন্মুখীন হয়। অৱশ্যে পাইলটে ‘বিপদ’ অনুভৱ কৰি সকলোকে আগতীয়াকৈ সকীয়াই দিয়ে। তেওঁলোকৰ ছীটবেল্ট বান্ধিবলৈও ঘোষণা কৰা হয়। কিন্তু দিল্লীলৈ যোৱা এই এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ বাবে ‘এয়াৰ টাৰ্বুলেন্স’ সন্দৰ্ভত আগতীয়াকৈ কোনো ঘোষণা কৰা হোৱা নাছিল।
পুৱা ১১.১৫ বজাত দিল্লীত অৱতৰণ কৰাৰ কথা আছিল বিমানখন। অৱশ্যে ‘এয়াৰ টাৰ্বুলেন্স’ৰ বাবে পলম হয়। পিছত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰে বিমানখনে। প্ৰাথমিক তথ্য অনুসৰি, এগৰাকী বিমান পৰিচাৰিকা গুৰুতৰভাৱে আহত হয়। লগতে আহত হয় কেইবাজনো যাত্ৰী।

বিমানবন্দৰত অৱতৰণ কৰা যাত্ৰীসকলে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰে। এজন যাত্ৰীয়ে কয় যে ডেৰ ঘণ্টা বিমান যাত্ৰাৰ পিছত তেওঁলোকে জোকাৰণি অনুভৱ কৰিছিল। ইয়াৰ পিছত বিমানখনৰ ভিতৰত সকলো সলনি হৈ যায়। যাত্ৰীগৰাকীৰ মতে, “পুৱাৰ সময় আছিল। আমি প্ৰায় সকলোৱে শুই আছিলোঁ। হঠাতে বিমানখন ৰৈ লগে লগে বিপৰীত দিশলৈ ঘূৰি যায়। কমেও দুই-তিনি মিনিট সেই অৱস্থাতে চলি থাকিল।” যাত্ৰীজনে কয় যে তেওঁৰ পিঠিত বিষ অনুভৱ হৈছে। লগতে তেওঁ কয় যে জোকাৰণিৰ বাবে তেওঁৰ এজন সতীৰ্থ যাত্ৰীৰ ডিঙি আৰু পিঠিত আঘাতপ্ৰাপ্ত হয়।
দিল্লী বিমানবন্দৰৰ পৰা কিছু ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈ আহিছে। ভিডিঅ’সমূহত দেখা গৈছে যাত্ৰীসকলক বিমানৰ পৰা নমাই হুইল চেয়াৰত বহুৱাই দিয়া হৈছে। একাংশ লোকৰ মূৰত বেণ্ডেজো দেখা যায়।
দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ পূৰ্বে এই বিষয়ে কৰ্তৃপক্ষক অৱগত কৰা হয়। এটা চিকিৎসা দলো সাজু হৈ থাকে। দিল্লীত অৱতৰণ কৰাৰ পিছত সকলোকে চিকিৎসাৰ ব্যৱস্থা কৰা হয়। ‘এয়াৰ টাৰ্বুলেন্স’ৰ বাবেই এই সমস্যা নিশ্চিত কৰিছে এয়াৰ ইণ্ডিয়াই। একে সময়তে সমগ্ৰ বিষয়টোৰ তদন্ত কৰা হ’ব বুলিও কৈছে। এয়াৰ ইণ্ডিয়াই সংশ্লিষ্ট কৰ্তৃপক্ষক সকলো ধৰণৰ সহায় আগবঢ়াব বুলি এক বিবৃতিত প্ৰকাশ কৰিছে।













