ASSAM TIMES POST
গুৱাহাটী : জ্যেষ্ঠ কংগ্ৰেছ নেতা,অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক প্ৰণৱ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই। এক প্ৰেছ বিবৃতিৰ জৰিয়তে সভাপতি বৰাই কয় যে অসম আৰু অসমীয়াক প্ৰাণাধিক ভালপোৱা বিধায়ক প্ৰণৱ গগৈ ডাঙৰীয়া আছিল এগৰাকী বৰ্ষীয়ান ৰাজনৈতিক নেতা।
তেওঁৰ মৃত্যু কেৱল কংগ্ৰেছ দলৰ বাবেই নহয়,ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ লগতে অসমৰ সমাজ জীৱনৰ বাবেও এক অপূৰণীয় ক্ষতি। গগৈদেৱৰ মৃত্যুত কংগ্ৰেছ দলে এগৰাকী নিষ্ঠাৱান সেৱকক চিৰদিনৰ বাবে হেৰুৱালে। তেওঁৰ আদৰ্শৰাজি কংগ্ৰেছ নেতা-কৰ্মীসকলৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ ৰ’ব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰবীণ কংগ্ৰেছ নেতা প্ৰণৱ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছে আৰু শোক সন্তপ্ত পৰিয়ালটিক গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক প্ৰয়াত প্ৰণৱ কুমাৰ গগৈৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰিবলৈ যাৱতীয় পদক্ষেপ লোৱাৰ বাবে মুখ্য সচিবক নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।













