
ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীক মধুচন্দ্ৰিকাৰ বাবে মেঘালয় ভ্ৰমণৰ সময়ত হত্যা কৰা হয় (Meghalaya honeymoon case)। তদন্তৰ অন্তত মেঘালয় আৰক্ষীয়ে এই হত্যাকাণ্ডৰ মূল অভিযুক্ত তেওঁৰ পত্নী সোণম ৰঘুবংশী বুলি জানিবলৈ দিয়ে। তেওঁৰ পৰিকল্পনাতে ৰাজাক হত্যা কৰা হৈছিল।

সোণমক গ্ৰেপ্তাৰ কৰাৰ পিছত ইটোৰ পিছত সিটোকৈ তথ্য প্ৰকাশ কৰিছে আৰক্ষীয়ে। শেহতীয়াকৈ খবৰ পোৱা গৈছে যে সোণমে কামাখ্যা মন্দিৰত ৰাজাক পূজা কৰিবলৈ জোৰ দিছিল। কিন্তু কিয়?
সংবাদ মাধ্যমৰ আগত এজন আৰক্ষী বিষয়াই কয় যে সোণম আৰু ৰাজাৰ বিবাহ সামাজিকভাৱে হৈছিল। কিন্তু বিয়াৰ পিছত তেওঁলোকে শাৰীৰিক সংগম কৰা নাছিল। সোণমে এটা চৰ্ত দিছিল যে কামাখ্যা মন্দিৰত পূজা কৰিহে শাৰীৰিক সংগম সম্ভৱপৰ। সেইবাবেই তেওঁ গুৱাহাটী পোৱাৰ পিছত কামাখ্যা মন্দিৰত পূজা কৰাৰ পৰিকল্পনা কৰিছিল।
কিন্তু মেঘালয়লৈ যোৱাৰ পিছতে সোণমে পৰিকল্পনা সলনি কৰা বুলিও আৰক্ষীয়ে জনায়। তেওঁ ৰাজাক নংৰিহাটৰ নিৰ্জন এলেকালৈ নিয়াৰ পৰিকল্পনা কৰিছিল। কিন্তু সেই অঞ্চলত ২২ আৰু ২৩ মে’ত পৰ্যটকৰ ভিৰ হৈছিল।
অৱশেষত ৱেইছাওডং জলপ্ৰপাতৰ ওচৰত ৰাজাক হত্যা কৰা হৈছিল। সোণমৰ চকুৰ সন্মুখতে ভাড়াতীয়া হত্যাকাৰীয়ে ৰাজাক হত্যা কৰিছিল। মৃতদেহটো আঁতৰোৱাতো হত্যাকাৰীক সহায় কৰিছিল সোণমে। ইয়াৰ পিছত তেওঁ অঞ্চলটোৰ পৰা পলায়ন কৰে।
উল্লেখ্য যে যোৱা ১১ মে’ত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ২০ মে’ত মধুচন্দ্ৰিকাৰ বাবে মেঘালয়লৈ আহে নৱবিবাহিত দম্পতীটো। তাৰ পিছত ২৩ মে’ৰ পৰা নিৰুদ্দেশ হৈ পৰে।
২ জুনত পাহাৰৰ খাৱৈৰ পৰা ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আনহাতে, উত্তৰ প্ৰদেশৰ গাজীপুৰৰ পৰা ৮ জুনৰ মাজনিশা সোণমক গ্ৰেপ্তাৰ কৰা হয়। এই কথাও জানিব পৰা গৈছে যে সোণমে আৰক্ষীৰ আগত ৰাজাক হত্যা কৰাৰ পৰিকল্পনা কৰাৰ কথা স্বীকাৰোক্তি দিছে।













