ASSAM TIMES POST
বোকাখাত : বােকাখাতৰ পৰা প্রকাশিত “ৰাইজৰ খবৰ” নামৰ সাপ্তাহিক বাতৰি কাকতখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ উদ্দেশ্যে বিশেষ সংখ্যা প্রকাশ কৰা কাৰ্য সংঘৰ অধিবেশন ইতিহাসত প্রথম সংযোজন। ইয়াৰ পূর্বে এই অধিৱেশনত সাপ্তাহিক কাকতৰ বিশেষ সংখ্যা প্রকাশৰ উদাহৰণ নাই।

যোৱা ৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হােৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিৱেশনৰ প্রচাৰ-জনসংযােগ বিভাগৰ কাৰ্যালয়ৰ দ্বাৰ উদ্ঘাটনৰ লগতে ১৩ বছৰ ধৰি ধাৰাবাহিকতা অব্যাহত ৰাখি প্রকাশ পাই থকা “ৰাইজৰ খবৰ”ৰ অধিৱেশন বিশেষ সংখ্যা উন্মোচন কৰি এই দৰে কয় সংঘৰ কেন্দ্রীয় সমিতিৰ সাংস্কৃতিক সম্পাদক, অধিবেশনৰ সমন্বয়ক পৱিত্র প্রাণ বৰাই।
সাংবাদিক প্রদ্যুৎ মহন্ত আঁত ধৰা উন্মোচনী অনুষ্ঠানত কাকত খনৰ সম্পাদক তথা অসম বাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শর্মা ৰাজখোৱা, প্রচাৰ-জনসংযোগ সমিতিৰ সভাপতি প্রদীপ বৰাইও বক্তব্য প্রদান কৰে।













