
দিল্লীত হঠাৎ ভাঙি পৰে এটা চাৰি মহলীয়া অট্টালিকা (Delhi Building Collapse) । সংবাদ সংস্থা এ এন আইৰ এক প্ৰতিবেদন অনুসৰি, শনিবাৰে পুৱা প্ৰায় ৭ বজাত দিল্লীৰ সীমাপুৰ অঞ্চলৰ ঘৰটো ভাঙি পৰে।

ঘৰটো ভাঙি পৰাৰ খবৰ পাই কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰই জনোৱা মতে, এতিয়ালৈকে ধ্বংসাৱশেষৰ পৰা তিনিৰ পৰা চাৰিজন লোকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।
স্থানীয় সূত্ৰ অনুসৰি, ঘৰটোত ১০ জন লোকে বাস কৰিছিল। ইয়াৰ ভিতৰত তিনিগৰাকী মহিলা আৰু তিনিটা শিশু। অৱশ্যে ঘৰটো ভাঙি পৰাৰ সময়ত কিমানজন লোক আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ঘৰটো কিয় ভাঙি পৰিল সেয়াও স্পষ্ট হোৱা নাই।
দিল্লীৰ এজন আৰক্ষী বিষয়াই সংবাদ সংস্থা পি টি আইক জনোৱা মতে, “পুৱা ৭ বজাৰ ওচৰত ঘৰটো ভাঙি পৰাৰ তথ্য আমি পাইছোঁ। ৭ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈছে। পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে।”











