
২১ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন (Parliament session) । সূত্ৰ অনুসৰি, এইবাৰৰ অধিবেশনৰ কাৰ্যসূচীত আঠখন বিধেয়ক থাকিব পাৰে। ইয়াৰ লগতে মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বৃদ্ধিৰ প্ৰস্তাৱো দাখিল কৰিব পাৰে।

২১ আগষ্টলৈকে চলিব সংসদৰ বৰ্ষাকালীন অধিবেশন। এই সময়ছোৱাত মুঠ ২১ খন অধিবেশন অনুষ্ঠিত হ’ব। ইয়াৰ মাজতে ১২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ বিৰতি থাকিব। সূত্ৰই জনোৱা মতে, বিহাৰত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা সংশোধন কৰিবলৈ নিৰ্বাচন আয়োগে দিয়া নিৰ্দেশক লৈ সংসদত বিতৰ্ক হ’ব পাৰে। ইতিমধ্যে এই বিষয়টোক লৈ কংগ্ৰেছ আৰু আৰ জে ডিয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে।
বিষয়টো উচ্চতম ন্যায়ালয়ত উপস্থিত হৈছে। যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়ে আয়োগৰ কাম-কাজত স্থগিতাদেশ দিয়া নাই। অৱশ্যে সময়ক লৈ সন্দেহ প্ৰকাশ কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ যশৱন্ত বাৰ্মাক লৈও বিতৰ্ক হ’ব পাৰে। নগদ ধনৰ কেলেংকাৰীত তেওঁৰ নাম জড়িত হৈ আছে।
সূত্ৰসমূহে জনোৱা মতে, তেওঁক অপসাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব পাৰে বৰ্ষাকালীন অধিবেশনৰ পৰা। বিৰোধীয়েও ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই কেন্দ্ৰৰ বিৰুদ্ধে মাত মাতিছে।
আনহাতে, পহেলগাম আক্ৰমণৰ পিছতে সিন্দুৰ অভিযান সন্দৰ্ভত সংসদৰ বৰ্ষাকালীন অধিবেশনতো আলোচনা হ’ব পাৰে।
যোৱা অধিবেশনত সংসদত নতুন আয়কৰ বিধেয়ক উত্থাপন কৰা হৈছিল। ইয়াক পুনৰীক্ষণৰ বাবে যুটীয়া সমিতিলৈ প্ৰেৰণ কৰা হৈছে। এই বিধেয়কখনো গৃহীত হ’ব পাৰে। এই অধিবেশনত গৃহীত হ’লে ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা এই আইনখন কাৰ্যকৰী হ’ব।
ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন বিধেয়ক, ৰাষ্ট্ৰীয় এণ্টি ড’পিং সংশোধনী বিধেয়কো উত্থাপন হ’ব পাৰে। ইয়াৰ লগতে মণিপুৰ সামগ্ৰী আৰু সেৱা (সংশোধনী) বিধেয়ক, পাব্লিক ট্ৰাষ্ট (সংশোধনী) বিধেয়ক, ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট (সংশোধনী) বিধেয়ক আৰু কৰ (সংশোধনী) বিলো উত্থাপন হ’ব পাৰে।











