
ইন্দোৰক পুনৰবাৰ দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ (Cleanest City) হিচাপে নিৰ্বাচিত কৰা হৈছে। কেন্দ্রীয় চৰকাৰে দেশৰ নগৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত বছৰি এক সমীক্ষা কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ ‘স্বচ্ছ সৰ্বেক্ষণ’ত মধ্যপ্ৰদেশৰ ইন্দোৰে অষ্টমবাৰৰ বাবে শীৰ্ষস্থান দখল কৰিছে।

দহ লাখ জনসংখ্যাৰ ইন্দোৰ স্বচ্ছতাৰ ক্ষেত্ৰত দেশৰ চহৰসমূহৰ ভিতৰত ‘ছুপাৰ স্বচ্ছ লীগ’ত প্ৰথম স্থান লাভ কৰিছে। দ্বিতীয় স্থানত আছে গুজৰাটৰ চুৰাট। তৃতীয় স্থানত আছে মহাৰাষ্ট্ৰৰ নৱী মুম্বাই।
উল্লেখযোগ্য যে এই বঁটাৰ তালিকাত অসমৰ গুৱাহাটী আৰু লখিমপুৰ চহৰেও স্থান লাভ কৰিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সামাজিক মাধ্যমত কয়, “স্বচ্ছ সৰ্বেক্ষণ বঁটা ২০২৪-২৫ বৰ্ষত গুৱাহাটী আৰু উত্তৰ লখিমপুৰক অসমৰ প্ৰতিশ্ৰুতিসম্পন্ন স্বচ্ছ চহৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে।
লগতে ৬খন চহৰে অ’ডিএফ++ প্ৰমাণপত্ৰ লাভ কৰিছে, ৪খন অম্ৰুত চহৰ এতিয়া জি এফ চি আৰু উল্লেখনীয় চহৰসমূহে স্বচ্ছতাৰ দিশত ৰেংকিং বৃদ্ধি কৰিছে।”
বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰালয়ে দিল্লীৰ বিজ্ঞান ভৱনত এক কাৰ্যসূচীৰ আয়োজন কৰে। তাতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ‘স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫’ৰ বিজয়ীসকলৰ নাম ঘোষণা কৰে।
সূত্ৰ অনুসৰি, এই সমীক্ষা প্ৰতি বছৰে মহানগৰবাসীক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সজাগ কৰাৰ বাবে কৰা হয়। কেন্দ্ৰই বিচাৰে যে নাগৰিকসকলে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি অধিক গুৰুত্ব দিয়ক। এই বঁটা বিতৰণ কাৰ্যসূচী ২০১৬ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ অধীনত চলি আহিছে।
স্বচ্ছ সৰ্বেক্ষা অভিযানত মুঠ ৪৫০০ চহৰৰ জৰীপ কৰা হৈছিল। ৪৫ দিনৰ বাবে এই সমীক্ষা চলোৱা হৈছিল। ১৪ কোটি নগৰবাসীৰ সাক্ষাৎকাৰ লোৱা হৈছিল। অনাময়, আৱৰ্জনা নিষ্কাশন, সেৱাকে ধৰি মুঠ ১০টা কাৰকৰ ভিত্তিত বিজয়ী চহৰ ঘোষণা কৰা হয়। তিনিৰ পৰা দহ লাখ জনসংখ্যা থকা চহৰসমূহৰ ভিতৰত নয়ডা, নতুন দিল্লী পৌৰ পৰিষদ, ভিটা (মহাৰাষ্ট্ৰ), পঞ্চগনি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত শীৰ্ষত আছে।
বাসিন্দাৰ সংখ্যা অনুযায়ী চহৰসমূহক বিভিন্ন শিতানত ভাগ কৰি বিজয়ীসকলক ঘোষণা কৰা হয়। বাকী শ্ৰেণীসমূহ হ’ল ৫০ হাজাৰৰ পৰা তিনি লাখ বাসিন্দা, ২০ হাজাৰৰ পৰা ৫০ হাজাৰ বাসিন্দা আৰু ২০ হাজাৰতকৈ কম বাসিন্দা।












