
গুৱাহাটীৰ ওদালবাক্ৰাত সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত অভিনেত্ৰী নন্দিনী কাশ্যপক (Nandini Kashyap) গ্ৰেপ্তাৰ। মঙলবাৰে নিশা ডেৰ বজাত জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা হয় অভিনেত্ৰীগৰাকীক। বুধবাৰে সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে গুৱাহাটী যান-বাহন আৰক্ষী শাখাৰ ডি চি পি জয়ন্ত সাৰথি বৰাই।

উল্লেখ্য যে ২৫ জুলাইৰ নিশা ওদালবাক্ৰাত সংঘটিত দুৰ্ঘটনাটোত ছামিউল হক নামৰ এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। অভিযোগ অনুসৰি চামিউলৰ স্কুটীত তীব্ৰগতিত খুন্দিয়াই নন্দিনীৰ স্ক’ৰপিঅ’ বাহনখন ঘটনাস্থলীৰ পৰা আঁতৰি যায়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত ছামিউলক জি এম চি এইচত ভৰ্তি কৰোৱা হয়।
কিন্তু আঘাত গুৰুতৰ হোৱা বাবে তেওঁক পৰৱৰ্তী সময়ত গুৱাহাটী এপ’ল হাস্পতাললৈ স্থানান্তৰ কৰা হয়। তেওঁৰ দুয়ো ভৰিৰ হাড় ভাঙি যোৱাৰ লগতে মূৰত ২৫ টাকৈ চিলাই পৰিছিল। বুকুতো আঘাত পাইছিল ছামিউলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে মঙলবাৰে বিয়লি চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ছামিউলৰ।
ইফালে ছামিউলৰ মৃত্যুৰ পিছতে নন্দিনী কাশ্যপক গ্ৰেপ্তাৰৰ দাবীত সৰৱ হৈ উঠে বিভিন্ন দল-সংগঠন তথা ব্যক্তি। আনহাতে, ডি চি পিয়ে জনোৱা মতে, দুৰ্ঘটনাৰ দিনা যান-বাহন আৰক্ষীয়ে ঘটনাটোৰ বিষয়ে জনা নাছিল।
তাৰ পিছদিনা ২৬ জুলাইতহে ঘটনাটো সম্পৰ্কে অৱগত হয়। তাৰ পিছত নন্দিনীক দিছপুৰ থানালৈ মাতি নি সোধা-পোছা কৰা হয় আৰু নোটিচ আৰু বণ্ডত যাবলৈ দিয়া হয়। ইয়াৰ পিছত ২৮ জুলাইতো তেওঁক দিছপুৰ থানালৈ মাতি সোধা-পোছা কৰে বুলি ডি চি পিয়ে লগতে কয়।
আনহাতে, দুৰ্ঘটনাটো সন্দৰ্ভত প্ৰথমাৱস্থাত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে জামিনযোগ্য ধাৰা প্ৰয়োগ কৰা হৈছিল যদিও মঙলবাৰে সন্ধিয়া ছামিউল হকৰ মৃত্যুৰ পিছত আৰক্ষীয়ে জামিনবিহীন ধাৰা সন্নিৱিষ্ট কৰাৰ বাবে আদালতৰ ওচৰত আবেদন জনায়। দিছপুৰ থানাত প্ৰথমে 630/2025 U/S115(2)/125(b)/281 BNS2023 ধাৰাত গোচৰ ৰুজু হৈছিল যদিও পৰৱৰ্তী সময়ত BNSৰ 105 ধাৰা সংযোগ কৰা হৈছে বুলি ডি চি পিয়ে সংবাদমেলত জানিবলৈ দিয়ে।
উল্লেখ্য যে ছামিউল হক নামৰ যুৱকজন পলিটেকনিকৰ ছাত্ৰ আৰু তেওঁ এ পি ডি চি এলৰ ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে গুৱাহাটীত কৰ্মত নিয়োজিত আছিল। তেওঁৰ মূল ঘৰ হৈছে নলবাৰীত। এতিয়া ছামিউল হকৰ মৃত্যুত পৰিয়ালটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।













