ASSAM TIMES POST,গুৱাহাটীঃ ৰাজ্যৰ বানাক্ৰান্তসকলক সাহায্য প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ কোটি টকা আগবঢ়ালে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱটে। জানিবপৰামতে শুকুৰবাৰে ৰাৱটে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰে টেলিফোনযোগে বাৰ্তালাপ কৰি বান পৰিস্থিতিৰ বুজ লয়। ইয়াৰ পাছতে অসমৰ মুখ্যমন্ত্ৰীজনে কৰা এটা টুইটত ৰাৱটে ৫ কোটি টকা আগবঢ়োৱাৰ কথা প্ৰকাশ পায়। টুইটাৰত সোণোৱালে ৰাৱটক ধন্যবাদ জনাইছে।













