
কেন্দ্ৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিৰোধিতা কৰি তামিলনাডু চৰকাৰে প্ৰকাশ কৰিছে নিজাকৈ শিক্ষা নীতি। শুকুৰবাৰে তামিলনাডুৰ শিক্ষা নীতি (Odisha Education) প্ৰকাশৰ পিছত ষ্টেলিনে ঘোষণা কৰে যে ৰাজ্যখনৰ বিদ্যালয়ত তামিল আৰু ইংৰাজী দুয়োটা ভাষাতে পাঠদান কৰা হ’ব।

শেহতীয়াকৈ ষ্টেলিন চৰকাৰে ‘হিন্দী আধিপত্য’ৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে মাত মাতি আহিছে। তেনে ক্ষেত্ৰত ষ্টেলিনে দ্বিভাষিক শিক্ষা নীতি প্ৰণয়ন কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।
কেন্দ্ৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিত তিনিটা ভাষাৰ কথা উল্লেখ আছে। ইয়াত মাতৃভাষা বা আঞ্চলিক ভাষাৰ কথা যিদৰে উল্লেখ আছে, তেনেদৰে ইয়াত হিন্দী আৰু ইংৰাজী ভাষাতো শিক্ষাৰ কথা উল্লেখ আছে।
কিন্তু তামিলনাডু চৰকাৰে ঘোষণা কৰা ৰাজ্যৰ শিক্ষা নীতিত ষ্টেলিনে মাত্ৰ দুটা ভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, তামিলনাডুৰ শিক্ষা মন্ত্ৰীয়ে তাত হিন্দীৰ কথা কোৱা নাই। দৰাচলতে তামিলনাডুকে ধৰি দক্ষিণ ভাৰতৰ বেছিভাগ ৰাজ্যতে দুটা ভাষা বাধ্যতামূলক- ইংৰাজী আৰু স্থানীয় ভাষা।
ইতিমধ্যে তামিলনাডু আৰু তেলেংগানাৰ দৰে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে অভিযোগ উত্থাপন কৰিছে যে তিনি ভাষাৰ নীতি ৰূপায়ণৰ জৰিয়তে হিন্দী শিক্ষা জাপি দিয়া হৈছে। অৱশ্যে কেন্দ্রই দাবী কৰিছে যে কোনো ৰাজ্যৰ ওপৰত হিন্দীক জোৰ-জবৰদস্তি জাপি নিদিয়ে৷
উল্লেখ্য যে ‘হিন্দী আগ্ৰাসন’ৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে মাত মাতি আহিছে তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁৰ অভিযোগ যে হিন্দীয়ে উত্তৰ ভাৰতৰ বিভিন্ন ভাষা গ্ৰাস কৰিছে।
উদাহৰণ স্বৰূপে তেওঁ বাৰে বাৰে ভোজপুৰী, মৈথেলী, আৱাধি, ব্ৰজ, বুণ্ডেলী, গড়হোৱালী, কুমাওনী, মাঘী, মাৰোৱাৰী, মালৱী, ছত্তীশগড়ী, সন্তলী, অংগিকা, হো, খৰিয়া, খোৰাঠা, কুৰমালী, কুৰুখ, মুণ্ডাৰী আদি বহু ভাষাৰ উল্লেখ কৰা দেখা গৈছে। ষ্টেলিনে অভিযোগ কৰে যে এই ভাষাসমূহ এতিয়া নোহোৱা হৈ পৰিছে। তেওঁ দাবী কৰে যে একচেটিয়া হিন্দী প্ৰৱৰ্তনৰ উদ্দেশ্য প্ৰাচীন মাতৃভাষাক হত্যা কৰা।










