
আজি সমগ্ৰ দেশতে উদযাপন কৰা হৈছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। একেদৰে অসমতো বিভিন্ন স্থানত স্বাধীনতা দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হয়। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Dr Himanta Biswa Sarma) ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।

মুখ্যমন্ত্ৰীৰ ভাষণৰ সাৰাংশ চাওঁ আহক :
– গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিৰ খোজেৰে মই মুখ্যমন্ত্ৰী হ’বলৈ সুযোগ পাইছোঁ। অসমবাসীক দিয়া প্ৰতিশ্ৰুতিৰ সফলতা আজি বাস্তৱৰ দিশে। ব্ৰহ্মপুত্ৰত দলং, ছেমিকণ্ডাক্টৰ প্ৰকল্প, গুৱাহাটীৰ ৰিং ৰোড এতিয়া মুকলিৰ দিশে। বিগত চাৰে চাৰি বছৰত অসমত প্ৰতিদিনে ১৪ কিলোমিটাৰ পথ নিৰ্মাণ হৈছে।
– দ্ৰুত উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসম তৃতীয় স্থানত। অসমত সন্ত্ৰাসবাদ নাইকিয়া হৈছে, মহিলাৰ বিৰুদ্ধে ঘটা অপৰাধ এতিয়া হ্ৰাস পাইছে।
– ২০২৬ ৰ ভিতৰত অসমত বাল্যবিবাহ বন্ধ কৰাত আমি সফল হ’ম। অসম এতিয়া আন্দোলনমুক্ত হৈছে। অসমৰ যুৱক-যুৱতীসকলে নতুন সপোন দেখিছে। নিযুক্তিৰ ক্ষেত্ৰত আমি মাইলৰ খুঁটি স্থাপ কৰিবলৈ সক্ষম হৈছোঁ।
– আমাৰ চৰকাৰে ১ লাখ ৫১ হাজাৰতকৈ অধিক নিযুক্তি দিছে। অক্টোবৰত আৰু কেইবা হাজাৰ নিযুক্তি হ’ব।
– বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব। আমাৰ মাটি অচিনাকি লোকে কেতিয়াও কাঢ়ি নিব নোৱাৰে। আমাৰ মাটি কোনো কাৰণতে অচিনাকি লোকক বিক্ৰী নকৰিব।
– বসুন্ধৰাৰ জৰিয়তে ২ লাখ ২৯ হাজাৰ লোকে ভূমিৰ অধিকাৰ লাভ কৰিছে।
– মহাৰাজ পৃথুৰ নামত হ’ব নুনমাটি-দীঘলীপুখুৰীৰ নতুন উৰণ সেতু। অহা জানুৱাৰী মাহত ১ লাখ অসমীয়াই গাব ‘অ’ মোৰ আপোনাৰ দেশ’।”
– সম্প্ৰতি অসম ভাৰতৰ তৃতীয় দ্রুততম বিকাশশীল ৰাজ্যত পৰিণত হৈছে। ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত অসমৰ জি এছ ডি পি ২০২০-২১ বৰ্ষৰ তুলনাত ১১৩ শতাংশ বৃদ্ধি হৈ ২০২৫-২৬ বৰ্ষত ৭.২৫ লাখ কোটি টকা হ’বগৈ।
– মূলধনী ব্যয়ৰ ক্ষেত্ৰত ২০২০-২১ চনৰ ১২ হাজাৰ কোটি টকাৰ তুলনাত ২০২৪-২৫ বৰ্ষত এই ব্যয় দুগুণ বৃদ্ধি হৈ ২৬ হাজাৰ কোটি টকা হৈছে।
– ২০২১ চনৰ পৰা এতিয়ালৈকে ১১ হাজাৰোধিক উগ্ৰপন্থীক পুনৰ সংস্থাপন প্ৰদান কৰা হৈছে। ৰাজ্যত আভ্যন্তৰীণ শান্তি-শৃংখলা উন্নত হৈছে।
– ২০২০ চনত ৰাজ্যত ১.২১ লাখ গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ২০২৪ চনৰ শেষত এই সংখ্যা ৫০ হাজাৰলৈ হ্ৰাস পাইছে।
– অপৰাধৰ হাৰ প্ৰতিলাখ জনসংখ্যাত ৩৪৯ ৰ পৰা ১৩৯ লৈ হ্ৰাস পাইছে।
– বিচাৰধীন গোচৰৰ সংখ্যা ১.৫৫ লাখৰ পৰা ১৪ হাজাৰৰ তললৈ হ্ৰাস।
–













