ASSAM TIMES POST,গুৱাহাটীঃ অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশন শুকুৰবাৰে আৰম্ভ হয়। আৰম্ভণিৰ দিনটোত প্ৰত্যাশিতভাৱেই সদনৰ মজিয়াত ৰাজ্যৰ বান পৰিস্থিতিক লৈ উত্তাল পৰিবেশৰ সৃষ্টি হয়। কংগ্ৰেছৰ বান আৰু খহনীয়াৰ সমস্যাক ‘অগ্ৰাধিকাৰ’ ভিত্তিত আলোচনাৰ প্ৰস্তাৱক বিধানসভাৰ অধ্যক্ষই নাকচ কৰাতে প্ৰধান বিৰোধী দলটোৱে সদন ত্যাগ কৰে। অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীয়ে কংগ্ৰেছৰ প্ৰস্তাৱ সম্পৰ্কত প্ৰশ্নকালীন ঘন্টাৰ পিছতে উক্ত প্ৰসংগ উত্থাপন কৰিবলৈ কয়। কিন্তু কংগ্ৰেছে ইয়াতেই ক্ষুন্ন হৈ সদনৰ মজিয়াত প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰসংগক্ৰমে ১ আগষ্টত এই অধিৱেশনৰ অন্ত পৰিব।













