ASSAM TIMES POST, গোলাঘাটঃ শুকুৰবাৰে গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই৷ প্ৰতিবাদত চৰকাৰ তথা শিক্ষা বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰে ছাত্ৰ সংগঠনটো৷ ‘শিক্ষামন্ত্ৰী হুঁচিয়াৰ’, ‘বিজেপি চৰকাৰ হায় হায়’, ‘অসম চৰকাৰ হায় হায়’, ‘ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক’ আদি শ্ল’গানেৰে প্ৰতিবাদমুখৰ হৈ পৰে গোলাঘাট। ইয়াত প্ৰতিবাদকাৰীসকলে কয় যে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়খন উদ্বোধনৰ সময়তো ছাত্ৰ সন্থাই আন্তঃগাঁথনি ঠিক নহয় বুলি অভিযোগ উত্থাপন কৰিছিল।
৯২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকা মহাবিদ্যালয়খনৰ ভৱিষ্যত অন্ধকাৰ হোৱাৰ বাবেই ছাত্ৰ-ছাত্ৰীসকলক আন অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ স্থানান্তৰ কৰি মহাবিদ্যালয়খনৰ প্ৰতি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।
যাৰ ফলত গোলাঘাটবাসীয়ে বহু বিৰতিৰ পিছত লাভ কৰা অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ ইপ্সিত সপোনত চেঁচা পানী পৰিল৷ গোলাঘাট আছুৱে ৰাজ্য চৰকাৰক সকীয়নি প্ৰদান কৰি গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় সজীৱ কৰি তোলাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনায়। অন্যথা সদৌ অসম ছাত্ৰ সন্থাই জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলিও হুংকাৰ প্ৰদান কৰে।













