
বিজেপি (BJP) এৰিলে ছিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। বুধবাৰে তেওঁ দলৰ পৰা পদত্যাগ কৰে। আনহাতে, একেদিনাই অসম গণ পৰিষদৰ পৰা পদত্যাগ কৰে কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতায়ো। উল্লেখ্য যে বিনন্দ কুমাৰ শইকীয়াই পুনৰ কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে যদিও সত্যব্ৰত কলিতাৰ ভৱিষ্যত ৰাজনীতিৰ বিষয়ে জানিব পৰা হোৱা নাই।

বিজেপি ত্যাগ কৰা সন্দৰ্ভত পূৰ্বৰ কংগ্ৰেছী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে বিজেপিত যোগদান কৰা একালৰ ঘনিষ্ঠ বিনন্দ কুমাৰ শইকীয়াই কয় যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁক টিকটৰ পৰা কিয় বঞ্চিত কৰিলে সেই কথা তেওঁ নাজানে। লগতে বিগত দিনসমূহত বিজেপিয়ে তেওঁক সম্পূৰ্ণ এলাগী কৰাৰো অভিযোগ। আনহাতে, সম্প্ৰীতিৰ সমাজখন বিজেপিয়ে ধ্বংস কৰাৰ অভিযোগ তুলি তেওঁ কয় যে বিজেপিয়ে সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাই দিয়া হৈছে।
বিজেপিত এতিয়া ব্যক্তিবাদ বেছি হোৱাৰ বাবেই তেওঁ বিজেপি ত্যাগ কৰাৰ কথা উল্লেখ কৰাৰ লগতে ২০২৬ৰ বিধানসভা নিৰ্বাচনত তেওঁক ৰাইজে প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰিছে বুলিও দাবী কৰে। উল্লেখ্য যে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ তেওঁ দলৰ পৰা পদত্যাগৰ পত্র প্ৰেৰণ কৰে।
ইফালে দীৰ্ঘদিন ধৰি চলি থকা চৰ্চাৰ অন্ত পেলাই অগপ দল ত্যাগ কৰে প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই। বুধবাৰে তেওঁ অগপৰ সভাপতি অতুল বৰালৈ তেওঁৰ পদত্যাগ পত্র প্ৰেৰণ কৰে। লগতে কমলপুৰ সমষ্টিৰ অগপৰ প্ৰাক্তন বিধায়কগৰাকীয়ে সভাপতি অতুল বৰাৰ বিৰুদ্ধে কেইবাটাও অভিযোগ আনে।
অগপৰ সভাপতিয়ে বিজেপিৰ শ্ৰুতলিপি মতে কাম কৰা, অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত খোদ এই বিভাগৰ মন্ত্ৰী হোৱাৰ পিছতো বিফলতা তথা বিজেপিয়ে অগপৰ ভৱিষ্যৎ ধ্বংস কৰা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা সত্যব্ৰত কলিতাই। উল্লেখ্য যে বিগত বিধানসভা নিৰ্বাচনত অগপ নেতৃত্বই সত্যব্ৰত কলিতাক বঞ্চিত কৰি মিত্ৰদল বিজেপিক কমলপুৰ সমষ্টি এৰি দিছিল।












