
কাইলৈৰ পৰা দেশজুৰি আৰম্ভ হ’ব সুধাকন্ঠ ড° ভূপেন হাজৰিকা জন্ম শতবৰ্ষ ৷ তাৰ লগত সংগতি ৰাখি দেওবাৰে দিনৰ প্ৰায় ২ মান বজাত সুধাকন্ঠৰ “ আহ আহ ওলাই আহ সজাগ জনতা ” গীতটোৰ পদ্মশ্ৰী ধনেশ্বৰ ইংতিৰ কাৰ্বি অনুবাদত আৰডি প্ৰডাকছনৰ ৰাজ লক্ষ্মী বৰাৰ কণ্ঠত অডিঅ-ভিজুৱেল মুকলি কৰে কাৰবি সাংস্কৃতিক সমাজৰ সভাপতি হোমছিং বে’য়ে ৷

পদ্মশ্ৰী ধনেশ্বৰ ইংতিৰ অনুবাদৰ গীতটোৰ মুকলি কৰি হোমছিং বেয়ে কয়যে, সুধাকন্ঠৰ কালজয়ী গীত সমূহকলৈ আমি গৌৰৱ কৰো ৷ তাহানিতেই সুধা কণ্ঠই ‘ আমি অসমীয়া নহও দুখীয়া’ শীৰ্ষক গীতটোৰ জৰিয়তে অসমবাসীক সতৰ্ক কৰি থৈছে ৷
আহ আহ ওলাই আহ সজাগ জনতা গীতটো বিশেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি গীতটো কাৰবিলৈ অনুবাদ কৰি দিয়ে পদ্মশ্ৰী ধনেশ্বৰ ইংতিটিয়ে গীতটো কণ্ঠদান কৰিছে শিল্পী ৰাজলক্ষ্মী বৰাই ৷গীতটি আজিৰে পৰাই ইউটিউবত উপলব্ধ হব বুলি কয় ৰাজলক্ষ্মী বৰাই ৷












