
দেওবাৰে বিয়লি বোকাজান মহকুমাৰ খটখটী থানা এলেকাৰ লাহৰিজানত সংঘটিত হয় এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি লাহৰিজান ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ লাহৰিজান কালী মন্দিৰৰ সমীপত লাহৰিজান অভিমুখে খোজ কাঢ়ি গৈ থকা এজন পথচাৰীক বোকাজান দিশৰ পৰা লাহৰিজান অভিমুখে আহি থকা NL 07 CC 8001 নম্বৰৰ জিমনি থাৰ গাড়ীয়ে তীব্ৰ বেগে খুন্দিয়াই দিয়ে ৷

ফলত পথচাৰী জন গুৰুতৰ ভাবে জখম প্ৰাপ্ত হয় ৷ জখম প্ৰাপ্ত যুৱক তৎক্ষণাত চিকিৎসাৰ বাবে খটখটীৰ আশা মাল্টি স্পেছিয়েলিষ্ট হাস্পাতাললৈ প্ৰেৰণ কৰা হয় ৷ জখমপ্ৰাপ্ত যুৱকজন বোকাজান আলুবাৰী চিআৰপিএফ কেম্পৰ নিৱাসী অনিল ঘোষৰ পুত্ৰ শম্ভু ঘোষ বুলি জানিব পৰা গৈছে ৷













