ASSAM TIMES POST
নিউজ ডেস্কঃ চৰকাৰী চাকৰি আৰু পদোন্নতিৰ ক্ষেত্ৰত সংৰক্ষণৰ দাবীক লৈ বহু দিন ধৰি বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈ আছিল৷ এই সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে এক ৰায় প্ৰদান কৰিছে৷ এক শুনানিত চাকৰি আৰু পদোন্নতি বিষয়ত সংৰক্ষণৰ দাবী মৌলিক অধিকাৰ নহয় বুলি পৰিষ্কাৰ কৰি দিলে উচ্চতম ন্যায়ালয়ে৷ এই বিষয়টো সম্পূৰ্ণ চৰকাৰৰ সিদ্ধান্তৰ ওপৰত এৰি দিলে দুই ন্যায়াধীশ এল নাগেশ্বৰ ৰাও আৰু হেমন্ত গুপ্তাৰ বিচাৰপীঠে৷ ইয়াৰ পৰা পৰিষ্কাৰ হৈ পৰিল যে চৰকাৰী চাকৰিৰ সংৰক্ষণ আৰু পদোন্নতি বিষয়টো ক’তোৱেই মৌলিক অধিকাৰ হিচাপে পৰিগণিত নহয়৷













