গুৱাহাটীঃ গুৱাহাটীৰ কালাপাহাৰত সংঘটিত চাঞ্চল্যকৰ ডকাইতি কাণ্ডই মহানগৰবাসীৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। শুকুৰবাৰে বিয়লি ৩.১৫ বজাত এটা অস্ত্ৰধাৰী ডকাইতৰ দলে কালাপাহাৰস্থিত এমকে জুৱেলাৰী নামৰ গহনাৰ বিপণীখনত লুট-পাত চলায়। প্ৰাপ্ত তথ্য অনুসৰি হেলমেট পৰিহিত তিনিজনীয়া ডকাইতৰ দল এটাই চোকা অস্ত্ৰ আৰু পিষ্টল দেখুৱাই প্ৰতিষ্ঠানখনৰ প্ৰায় সকলোবোৰ আ-অলংকাৰ লুটি নিয়ে। প্ৰায় ১০ মিনিটৰ ভিতৰতে সমগ্ৰ জুৱেলাৰীখনত অভিযান চলাই উধাও হয় ডকাইতৰ দলটো। জুৱেলাৰীখনৰ কৰ্মচাৰীয়ে জনোৱা অনুসৰি প্ৰায় ৩৫ টা সোণৰ আ-অলংকাৰৰ চেট ডকাইতৰ দলটোৱে লৈ যায়। তদুপৰি, জুৱেলাৰীখনৰ চিচি টিভি কেমেৰা পৰ্যন্ত ভাঙি থৈ যায় ডকাইতৰ দলটোৱে। ঘটনাস্থলীত ফটাশিল আৰক্ষীৰ লগতে চিআইডিৰ এটা দল উপস্থিত হৈ ডকাইতে ভাঙি থৈ যোৱা চিচি টিভি কেমেৰাৰ পূৰ্বৰ ভিজুৱেলখিনি সংগ্ৰহ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।