
পাহাৰীয়া জিলা কাৰ্বি আংলঙত গণশিল্পী তথা সকলোৰে অতিকৈ মৰমৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ (Zubeen Garg) এটি পূর্ণাঙ্গ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপনৰ দাবী উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চমুকৈ এজেৱাইচিপ কাৰ্বি আংলং জিলা সমিতিয়ে ৷

শণিবাৰে এজেৱাইচিপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক জিতু ফুকন, কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি অপূৰ্ব দাস আৰু সম্পাদক অমিত বসুমতাৰীৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰত জিলাৰ সদৰ ডিফুত গণশিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ দাবী জনায় ৷
স্মাৰক পত্ৰখনত উল্লেখ থকা অনুসৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা বোকাজান মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ত কাৰ্যবাহী দণ্ডাধীশ মীনাক্ষী বৰগোঁহাইৰ জৰিয়তে কাৰ্বি আংলং জিলাৰ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাং দেৱলৈ এখন স্মাৰক পত্ৰ প্ৰেেৰণ কৰা হয়।













