
কাৰ্বি আংলং জিলাৰ বিভিন্ন বিধানসভাৰ অধীনত অসম চৰকাৰৰ শুশ্রুষা আঁচনিৰ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ জপৰাজান খৰছিং টেৰাং হাইস্কুল প্ৰাংগনত অনুষ্ঠিত হয় এই মেগা স্বাস্থ্য শিৱিৰ ৷

আজি পুৱা প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ পাছত অসম বিধান সভাৰ উপাধ্যক্ষ তথা বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনে এই স্বাস্থ্য শিৱিৰৰ শুভ উদ্ধোধন কৰে ৷
এই উপলক্ষে আয়োজিত উদ্ধোধনী সভাত উপস্থিত থাকে জিলা আয়ুক্ত নিৰলা ফাংচপী, বিধায়ক ডাঃ নোমল মমিন, ইএম সূৰ্য ৰংফাৰ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ কাবন টেৰণপী আৰু অনাা স্বাস্থ্য বিভাগৰ কৰ্ম কৰ্তা সকল ৷

এই মেগা স্বাস্থ্য মেলাত ১৮বছৰ অনূর্ধ্ব কিশোৰ আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা কৰা হ’য় এই শিবিৰত ৫০টা বিভিন্ন ৰোগৰ চিকিৎসা প্রদান কৰা হ’ব। ইয়াৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসো উপস্থিত থাকি চিকিৎসা প্ৰদান কৰে ।
আনহাতে বিধায়ক ডাঃ নোমল মমিনেও ৰোগী সকলৰ স্বাস্থ্য পৰীক্ষা কৰে ৷ এই স্বাস্থ্য শিবিৰত হৃদৰোগ, শিশুৰোগ, মেডিচিন আদি বিভিন্ন ৰোগৰ চিকিৎসা প্রদান কৰা হ’য় । আনহাতে ডিফু বিধানসভা সমষ্টিত ৩০ অক্টোবৰত আৰু হাওৰাঘাট বিধানসভা সমষ্টিত ২৩ অক্টোবৰত এই স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হ’ব বুলি জানিব পৰা গৈছে ৷
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিধায়ক ডাঃ নোমল মমিনে কলয় যে , ছুপাৰ স্পেছিয়েলিষ্ট স্বাস্থ্য শিৱিৰে ১৮ বছৰৰ অনুৰ্ধৰ শিশু, কিশোৰৰ স্বাস্থ্যৰ বাবে এক আশাৰ ৰেঙণি ৷ এই স্বাস্থ্য শিৱিৰত বোকাজান মহকুমাৰৰ প্ৰায় ১১০০ লোকক স্বাস্থ্য পৰীক্ষা কৰা হয় ৷
জটিল ৰোগৰ বাবে ৰোগী সকলক চৰকাৰী খৰছৰে চেন্নাই বাঙ্গালুৰুলৈ নি চিকিৎসা কৰা হব ৷ ৰোগী আৰু এজন অভিভাৱকৰ বাবে ফ্লাইটৰ টিকটৰ ব্যৱস্থা কৰা হব ৷ চিকিৎসাৰ এনে সু ব্যৱস্থাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উচ্চ প্ৰসংসা কৰে ডাঃ নোমল মমিনে ৷













