
জুবিন গাৰ্গৰ (Zubeen Garg) মৃত্যুক লৈ ৰাজনীতি নকৰিবলৈ ৰাজনীতিৰ সৈতে জড়িত সকললৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সকিয়নি। লগতে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ প্ৰসংগত প্ৰয়োজনত ৰাজপথলৈ আহিবলৈ সাজু বুলি স্পষ্ট কৰি দিছে ছাত্ৰ সংগঠনটোৱে।
কিয়নো অসমৰ জনসাধাৰণে হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছে। এই কথাৰ কেতিয়াও বিতৰ্ক হ’ব নালাগে। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ ৰহস্য সন্দৰ্ভত এইদৰে আজি বোকাখাতত ক্ষোভ উজাৰিলে অসম যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক বিজন বায়নে।
আজি বোকাখাতত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি বায়নে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কাৰ্যত এচ আই টি বা চি আই ডি-ক সন্দেহ কৰা নাই, কিন্তু এই তদন্ত এন আই এ, অৰ্থাৎ নেশ্যনেল ইনভেষ্টিগেচন এজেঞ্চীৰ জড়িয়তে হোৱাৰ পোষকতা কৰে।
জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক বায়নে সংবাদমেলত আৰু কয় যে জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু নহয়, ইয়াত ক’ৰবাত নহয় ক’ৰবাত এটা বিষয় জড়িত হৈ আছে। অসম যুৱ ছাত্ৰ পৰিষদে ক্ষীপ্ৰ তদন্তৰ জৰিয়তে বিষয়টো স্পষ্ট কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছিলোঁ, কিন্তু আজিলৈকে বিষয়টো আগ নাবাঢ়িলে।
সংবাদমেলত এই মন্তব্য কৰি বায়নে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সদস্য তথা সতীৰ্থ আছিল জুবিন গাৰ্গ, তেওঁ জীৱন কালত এই কথা কৈ যোৱা বুলি মন্তব্য কৰি প্ৰাক্তন সতীৰ্থ গৰাকীৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰে আৰু জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ প্ৰসংগত প্ৰয়োজনত ৰাজপথলৈ আহিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ প্ৰস্তুত বুলিও দোহাৰে।
বায়নে লগতে কয় যে এই সন্দৰ্ভত কেৱল সন্দেহজনক মানুহৰ তালিকা এখন বৃদ্ধি কৰা হ’ল। অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰত্যক্ষ্য কৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অভিমত- যদি সন্দেহজনক মানুহক আৰক্ষীয়ে আটক কৰাটোৱেই ন্যায় নেকি!
তেন্তে অসমৰ মানুহে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যয় কেতিয়াও নাপায় বুলি অসমৰ মানুহক স্পষ্ট কৰি দিয়ে। জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথত একত্ৰিত হোৱা মানুহখিনিক লাহে লাহে ভাগ ভাগ হ’বলৈ ধৰিছে বুলিও বায়নে কয়। উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ৰাজহুৱা হ’ব লাগে বুলিও তেওঁ মন্তব্য কৰে।
জুবিন গাৰ্গৰ মৃত্যু ৰহস্য উদ্ধাৰ আৰু হত্যাকাণ্ডৰ সন্দৰ্ভত চৰকাৰৰ কাম কাজত অসন্তুষ্ট বুলিও ঘোষণা কৰে সাধাৰণ সম্পাদক বিজন বায়নে। আজি সংবাদমেলত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামীকে ধৰি দোষী ব্যক্তিবোৰক কঠোৰতম শাস্তি প্ৰদানৰ দাবী কৰে সংগঠনটোৱে।













