
বাক্সাৰ নৱনিৰ্মিত জিলা কাৰাগাৰত উত্তপ্ত পৰিস্থিতি। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাসহ পাঁচ অভিযুক্ত কাৰাগাৰত উপস্থিত হোৱাৰ সময়তে সৃষ্টি হয় এই পৰিস্থিতিৰ। যেন জুবিন (Zubeen Garg) অনুৰাগীৰ উমি উমি জ্বলি থকা ক্ষোভৰ জুইকুৰাই হঠাতে বিধ্বংসী ৰূপ লয় আৰু নিমিষতে এক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।

ফলত আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰে। কিন্তু তাৰ পিছতো পৰিস্থিতিৰ অধিক অৱনতি ঘটে আৰু একাংশ উত্তেজিত প্ৰতিবাদকাৰীয়ে আৰক্ষীক উদ্দেশ্যি শিলগুটি নিক্ষেপ কৰাত কেইবাজনো আৰক্ষী আৰু সাংবাদিক আহত হয়।
ইয়াৰ উপৰি কেইবাখনো বাহনতো অগ্নিসংযোগো কৰে। জানিব পৰা মতে, এটা সংবাদ প্ৰতিষ্ঠানৰ এখন বাহন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে আৰক্ষীৰ বাহনতো অগ্নিসংযোগ কৰে। ইফালে এই অগ্নিগৰ্ভা পৰিস্থিতি সৃষ্টি হোৱাৰ ফলত জিলাখনত কাৰ্ফিউ জাৰি কৰা হয়।

ভাৰতীয় ন্য়ায় সংহিতাৰ ধাৰা ১৬৬ ধাৰাৰ অধীনত বিশেষ নিষেধাজ্ঞা জাৰি কৰাৰ লগতে জিলা প্ৰশাসনে সাময়িকভাৱে জিলাখনত ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ নিৰ্দেশ দিছে। ইয়াৰ উপৰি এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি থকাৰ বাবে জিলাখনলৈ অতিৰিক্ত বাহিনী প্ৰেৰণ কৰা হৈছে।
উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ দুই ব্যক্তিগত দেহৰক্ষীৰ বুধবাৰে আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলি যায়। ইয়াৰ পিছত তেওঁলোকক বুধবাৰে কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয়।
আদালতে আটাইকেইজন অভিযুক্তকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। তাৰ পিছত তেওঁলোকক বাক্সা জিলাৰ নিকাছিস্থিত নৱনিৰ্মিত জিলা কাৰাগাৰলৈ লৈ যোৱা হয়। বাক্সা জিলা কাৰাগাৰলৈ লৈ যোৱাৰ সময়তে কাৰাগাৰৰ সন্মুখত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ।













