
বুধবাৰে বাক্সাৰ নিকাছিত (Baksa violence) সংঘটিত হিংসাত্মক ঘটনাৰ বাবে জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ। আইন-শৃংখলাজনিত পৰিস্থিতিৰ আশংকাত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

আনহাতে, বিশেষ পৰিস্থিতিৰ বাদে অসম আৰক্ষীৰ সকলো ছুটী বাতিল কৰা হৈছে। ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি অসম আৰক্ষীৰ সূত্ৰত প্ৰকাশ।
আনহাতে, ঘটনাস্থলীত উপস্থিত হৈ আই জি পি (আইন-শৃংখলা) অখিলেশ সিঙে প্ৰদান কৰা প্ৰাথমিক তথ্যমতে দুষ্কৃতিকাৰীৰ শিলাবৰ্ষণৰ ঘটনাত প্ৰায় ২৫ জন আৰক্ষী আৰু ১২ জন সাধাৰণ লোক আহত হৈছে ৷ এই দুষ্কাৰ্য সংঘটিত কৰাৰ সন্দেহত কমেও ১১ জনক আটক কৰা হৈছে। আঘাতপ্ৰাপ্ত ১০ জনমান লোকক প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে বুলিও তেওঁ লগতে কয়৷
ইফালে বৰ্তমান বাক্সাৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হ’বলৈ আৰম্ভ হৈছে যদিও ভিতৰি এক চেপা উত্তেজনাই বিৰাজ কৰি আছে। আনহাতে, কাৰাগাৰৰ সন্মুখৰ পথটোৰে সাধাৰণ লোকৰ যাতায়াত বন্ধ কৰি ৰখা হৈছে। লগতে দ্বিতীয় দিনাও জিলাখনত ইণ্টাৰনেট সেৱা ব্যাহত হৈ আছে।













