
এছ আই টিৰ ১৪ দিনীয়া জিম্মাৰ ম্যাদ উকলি যোৱাৰ পিছত শুকুৰবাৰে জুবিন গাৰ্গ (Zubeen Garg) মৃত্যুৰ আন দুই অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

শুকুৰবাৰে দুয়োকো কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয়৷ ইয়াৰ পিছত আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণৰ আদেশ দিয়ে।
উল্লেখ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ইতিমধ্যে চি আই ডিয়ে সাতজন লোকক গ্ৰেপ্তাৰ কৰিছে। তাৰে ভিতৰত গোচৰটোৰ মূল দুই অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শর্মা, সন্দীপন গাৰ্গ তথা দুই ব্যক্তিগত দেহৰক্ষীক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।
কেইবাদিনো জেৰাৰ অন্তত ছিংগাপুৰৰ য়ট পাৰ্টীত থকা কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক ২ অক্টোবৰৰ নিশা গ্ৰেপ্তাৰ কৰা হৈছিল ৷ ইয়াৰ পিছত দুয়োকে আদালতে ১৪ দিনৰ এছ আই টি জিম্মালৈ প্ৰেৰণ কৰে।
এই জিম্মাৰ ম্যাদ শুকুৰবাৰে অন্ত পৰাত আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁলোকক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে। অৱশ্যে শেখৰজ্যোতি আৰু অমৃতপ্ৰভাক কোন কাৰাগাৰত ৰখা হ’ব সেই বিষয়ে প্ৰথম অৱস্থাত আৰক্ষীয়ে একো স্পষ্ট কৰা নাছিল যদিও শেহতীয়াকৈ জানিব পৰা মতে দুয়োকে হাফলঙৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে৷













