নতুন দিল্লীঃ ‘পাক-অধীকৃত কাশ্মীৰকে ধৰি সমগ্ৰ জম্মু আৰু কাশ্মীৰৰ ওপৰত ভাৰতৰ অধিকাৰ আছে।’, এই মন্তব্য সেনা প্ৰধান বিপিন ৰাৱটৰ। কাৰ্গিল যুদ্ধত ভাৰতৰ বিজয়ৰ ২০ বছৰ পূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানত ভাগ লৈ তেওঁ এইদৰে কয়। তেওঁ এই প্ৰসংগতে আৰু কয়, ‘১৯৪৭ চনৰ অক্টোবৰত জম্মু আৰু কাশ্মীৰ ভাৰতত চামিল হৈছিল।’ উল্লেখ্য ১৯৯৯ চনৰপৰাই ২৬ জুলাইৰ দিনটোক কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰি অহা হৈছে। প্ৰায় ৬০ দিন ধৰি পাকিস্তানৰে হোৱা এই যুদ্ধত ভাৰতে কেইবাজনো সেনানীক হেৰুৱাব লগীয়া হৈছিল। এই বীৰ জোৱানসকলৰ অমৰ আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈকে ৰজাঘৰ-প্ৰজাঘৰে এই দিৱসটো পালন কৰি আহিছে। শুকুৰবাৰৰ দিনটোত শ্ৰীনগৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনায়। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে শ্বহীদ জোৱানসকললৈ শ্ৰদ্ধা নিবেদন কৰিব। নতুন দিল্লীত এই কাৰ্গিল বিজয় দিৱসৰ স্মৰণ কাৰ্যসূচী অনুষ্ঠিত হ’ব। উল্লেখ্য জম্মু-কাশ্মীৰৰ ড্ৰাচস্থিত কাৰ্গিল যুদ্ধ স্মাৰকত ভাৰতীয় জল, স্থল আৰু বায়ু সেনাৰ তিনিওজন মুৰব্বীয়ে শ্ৰদ্ধা নিবেদন কৰে।













