
বুধবাৰে সবৰীমালা মন্দিৰত পূজা-অৰ্চনা কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে (Draupadi Murmu)। ইয়াৰ পূৰ্বে কোনো মহিলা ৰাষ্ট্ৰপতি মন্দিৰটোলৈ যোৱা নাছিল। ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ভি ভি গিৰিয়ে সত্তৰৰ দশকত মন্দিৰটো পৰিদৰ্শন কৰিছিল।

সেই অৰ্থত দ্ৰৌপদী হৈছে সবৰীমালা ভ্ৰমণ কৰা দেশৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি। পাহাৰৰ ওপৰত থকা সবৰীমালা মন্দিৰত আয়্যাপ্পা দেৱতাক পূজা কৰা হয়। তেওঁ ব্ৰক্ষ্মচাৰী। পূৰ্বে ঋতুস্ৰাৱী মহিলা (১০ৰ পৰা ৫০ বছৰ বয়সৰ) মন্দিৰত প্ৰৱেশ কৰিব পৰা নাছিল।
২০১৮ চনত উচ্চতম ন্যায়ালয়ে এই নিয়মক অসাংবিধানিক বুলি অভিহিত কৰে। সৰ্বোচ্চ আদালতে সকলো বয়সৰ মহিলাক প্ৰৱেশৰ অনুমতি দিয়াৰ নিৰ্দেশ দিয়ে। সেই কথাই বিতৰ্কৰ সৃষ্টি কৰিছিল। ৰাষ্ট্ৰপতি দ্ৰৌপদীৰ সবৰীমালা মন্দিৰ ভ্ৰমণক ‘তাৎপৰ্যপূৰ্ণ’ বুলি বিবেচিত হৈছে। মঙলবাৰে চাৰিদিনীয়া ভ্ৰমণসূচীৰে কেৰালালৈ ৰাওনা হয় ৰাষ্ট্ৰপতি। বুধবাৰে তেওঁ সবৰীমালাত পূজা-অৰ্চনা কৰে।
ইফালে বিজেপি সাংসদ বন্দী সঞ্জয় কুমাৰে দ্ৰৌপদী মুৰ্মুৰ এই পদক্ষেপক প্ৰশংসা কৰি নিজৰ এক্স একাউণ্টত লিখিছে, “তেওঁৰ (দ্ৰৌপদী মুৰ্মু) বয়স ৬৭ বছৰ। তেওঁ কোনো নিয়ম ভংগ কৰা নাই। তেওঁ কোনো বিশ্বাসক আঘাত দিয়া নাই। তেওঁ কেৱল সকলোকে সন্মান কৰিছে। ইৰুমুণ্ডীৰ সৈতে আয়্যাপ্পাৰ আগত প্ৰণাম কৰা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি।”
বুধবাৰে পুৱা ১১ বজাত বেছ কেম্পত উপস্থিত হয় ৰাষ্ট্ৰপতিগৰাকী। পাম্পা নদীত ভৰি ধুই গণপতি মন্দিৰত প্ৰাৰ্থনা কৰি যাত্ৰা আৰম্ভ কৰে। পিন্ধনত আছিল ক’লা শাৰী। তেওঁৰ মূৰত ইৰুমুণ্ডি (প্ৰসাদ) আছিল।
ইয়াৰ পিছতে তেওঁ এখন বিশেষ বাহনেৰে মন্দিৰ পায়গৈ। তাতে তেওঁক মন্দিৰৰ প্ৰধান পুৰোহিতে আদৰণি জনায়। ইয়াৰ পিছতে ১৮ টা চিৰি বগাই মন্দিৰত উপস্থিত হয় ৰাষ্ট্ৰপতিগৰাকী।
২০১৮ চনত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত বহু মহিলাই সবৰীমালা মন্দিৰত প্ৰৱেশৰ চেষ্টা চলাইছিল। কিন্তু তেওঁলোকে অয়্যাপ্পাৰ দৰ্শন কৰিব পৰা নাছিল।
অয়্যাপ্পাৰ ভক্তসকলে তেওঁলোকক মন্দিৰত প্ৰৱেশ কৰাত বাধা দিছিল। প্ৰতিবাদত মন্দিৰৰ প্ৰৱেশদ্বাৰ অৱৰোধ কৰে। অৱশেষত ২০১৯ চনৰ জানুৱাৰী মাহত দুগৰাকী মহিলাই প্ৰৱেশ কৰে। এইবাৰ ৰাষ্ট্ৰপতি মুৰ্মু উক্ত সবৰীমালালৈ যায়। অৱশ্যে তেওঁ কাৰো বিশ্বাসত আঘাত কৰা নাই বুলি বিজেপিৰ দাবী।












