
কোকৰাঝাৰত আৰক্ষীৰ অভিযানত নিহত হৈছে এজন আদিবাসী উগ্ৰপন্থী (Kokrajhar Encounter) । উগ্ৰপন্থীজন নাছলা নামৰ সংগঠনটোৰ সদস্য বুলি চিনাক্ত কৰা হৈছে।

আনহাতে, যোৱা ২৩ অক্টোবৰত কোকৰাঝাৰৰ ৰে’ল লাইনত সংঘটিত বিস্ফোৰণৰ ঘটনাত তেওঁ জড়িত থকাৰ সন্দেহ কৰা হৈছে। ঘটনাস্থলীৰ পৰা দুটা পিষ্টল, গ্ৰেনেড, ভোটাৰ আইডি আৰু আধাৰকাৰ্ড উদ্ধাৰ কৰা হৈছে।
এক সংবাদমেলত কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে কয় যে কোকৰাঝাৰৰ বিস্ফোৰণৰ সৈতে জড়িত উগ্ৰপন্থীৰ সন্ধানত নাদাংগুৰি পাহাৰত অভিযান চলোৱাৰ সময়ত এজন উগ্ৰপন্থী নিহত হয়। তেওঁক এপিল মুৰ্মু ওৰফে ৰোহিত মুৰ্মু (৪০) বুলি চিনাক্ত কৰা হৈছে। কোকৰাঝাৰৰ ৰে’লপথত বোমা বিস্ফোৰণৰ ঘটনাৰ সৈতে তেওঁ জড়িত থকাৰ সন্দেহ কৰা হৈছে।
যোৱা বছৰ ঝাৰখণ্ডৰ ৰে’লপথত বোমা বিস্ফোৰণ কৰি তেওঁ অসমলৈ পলাই আহিছিল আৰু ঝাৰখণ্ডত ৰোহিত মুৰ্মু হিচাপে পৰিচিত। ইফালে কোকৰাঝাৰৰ কচুগাঁৱৰো তেওঁ বাসিন্দা আৰু তাত এপিল মুৰ্মু নামেৰে পৰিচিত।













