
অসমত নিষিদ্ধ ঘোষণা হ’ব নেকি বীৰ লাচিত সেনা? মুখ্যমন্ত্ৰীৰ এক মন্তব্যই এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কিয়নো সোমবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Dr Himanta Biswa Sarma) কয় যে হয়তো শীঘ্ৰে অসমত নিষিদ্ধ হ’ব পাৰে বীৰ লাচিত সেনা। কিয়নো বীৰ লাচিত সেনাৰ কাম-কাজত চৰকাৰ গভীৰভাৱে অসন্তুষ্ট হৈ পৰিছে।

উল্লেখ্য যে মূলত শৃংখল চলিহা নেতৃত্বাধীন জাতীয় সংগঠনটো বিগত কিছুদিনৰ পৰা ধনদাবী, মাৰপিট আদি ঘটনাৰ সৈতে জড়িত হোৱাৰ অভিযোগ উঠিছে। ইয়াৰ মাজতে ধনদাবী কৰাৰ অভিযোগত সোমবাৰে দিছপুৰ আৰক্ষীয়ে আটক কৰে বীৰ লাচিত সেনাৰ আঠ সদস্যক।
এজন লোকক অপহৰণ আৰু পৰৱৰ্তী সময়ত মুক্তিৰ বাবে ২০ লাখ টকাদাবী কৰাৰ অভিযোগত বিশ্বজিত দলে, ইনজামুল হক, ৰোহণ আলী, মোহন বৰা, নিতু আহমেদ, চিন্ময় দেৱ, ৰিয়াজ আহমেদ, বিৰাজ বল্লভ কলিতাক আৰক্ষীয়ে আটক কৰে। ইয়াৰ পিছতে চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ ৰোষত পৰিছে শৃংখল চলিহা আৰু ৰণ্টু পানীফুকন নেতৃত্বাধীন বীৰ লাচিত সেনা। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সোমবাৰে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে লাচিত সেনাৰ শেহতীয়া কাৰ্যকলাপত চৰকাৰ গভীৰভাৱে অসন্তুষ্ট হৈছে।
সংগঠনটোৰ কাম-কাজ আমি গভীৰ উদ্বেগেৰে লক্ষ্য কৰি থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে হয়তো এটা সময়ত আলফাৰ দৰে লাচিত সেনাকো নিষিদ্ধ ঘোষণা কৰিব লগিব পাৰে। কাৰণ অসমত ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰিছে আৰু যোৱা এমাহত ব্যৱসায়ৰ পৰিৱেশ বিনষ্ট কৰিছে।













