
কথা মতেই কাম। অৱশেষত মুখ্যমন্ত্ৰীৰ ঘোষণা তথা ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তমৰ্মে ৰাজ্য চৰকাৰ সাজু হৈছে বিধানসভাৰ মজিয়াত বহুবিবাহৰ বিৰুদ্ধে (Assam Govt Polygamy bill) বিধেয়ক উত্থাপনৰ বাবে।

অহা নৱেম্বৰ মাহতে ৰাজ্যত বহুবিবাহ নিষিদ্ধকৰণৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ অধিৱেশনত বহুবিবাহ বিৰোধী আইনৰ বাবে বিধেয়ক উত্থাপন কৰা হ’ব।
এই প্ৰস্তাৱিত বিধেয়ক অনুসৰি কোনো ব্যক্তিয়ে যদি নিজৰ পূৰ্বৰ পত্নীৰ সৈতে আইনগতভাৱে বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় এগৰাকীক বিয়া কৰায় তেন্তে ৭ বছৰ বা ততোধিক সময়ৰ বাবে কাৰাদণ্ডৰ শাস্তি লাভ কৰিব। সোমবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
সোমবাৰে গুৱাহাটীত ‘নিযুত মইনা ২.০’ আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে অসমত বহুবিবাহৰ বিৰুদ্ধে এক কঠোৰ আইন অনা হ’ব। ইয়াৰ বাবে অহা ২৫ নৱেম্বৰত বিধানসভাত বিধেয়ক উত্থাপন কৰা হ’ব।













