
সোমবাৰে গুৱাহাটীত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ (Nijut Moina Scheme) দ্বিতীয় সংস্কৰণৰ আনুষ্ঠানিক চেক বিতৰণ কাৰ্যসূচী। এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন স্তৰৰ ৩,৫০,২৬৫ ছাত্ৰীক উচ্চশিক্ষাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। এই আনুষ্ঠানিক চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্ৰীসকলক উচ্চ শিক্ষা লাভত সহায়ৰ লগতে বাল্যবিবাহ ৰোধতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

আনহাতে, তেওঁ এই অনুষ্ঠানৰ জৰিয়তে বাল্যবিবাহৰ বিৰুদ্ধেও সৰৱ হয়। মুখ্যমন্ত্ৰীয়ে কয় যে ২০২২ চনত বাল্যবিবাহৰ সৈতে জড়িত ৫০০০ ব্যক্তিকক গ্ৰেপ্তাৰ কৰাৰ লগতে তাৰ পিছৰ বছৰত ৩০০০ ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে এক মুকলি সংগ্ৰামত লিপ্ত হৈছে।













