
দেশৰ ১২ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ বা এছ আই আৰ। অৱশ্যে ইয়াৰে ভিতৰত অহা বছৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া কেইবাখনো ৰাজ্য আছে যদিও এতিয়াই অসমত নহয় এছ আই আৰ। সোমবাৰে এক সংবাদমেলযোগে এই কথা জনায় মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে।

মুখ্য নিৰ্বাচন আয়ুক্তই জনোৱা মতে আন্দামান আৰু নিকোবৰ, ছত্তীশগড়, গোৱা, গুজৰাট, লাক্ষাদ্বীপ, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ লগতে অহা বছৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া তামিলনাডু, পশ্চিমবংগ, কেৰালা আৰু পুডুচেৰীত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ এছ আই আৰ। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এক সংবাদমেলত জ্ঞানেশ কুমাৰে কয় যে বিহাৰত প্ৰথম পৰ্যায়ৰ এছ আই আৰ সফলতাৰে সম্পূৰ্ণ হৈছে আৰু তাত প্ৰায় ৭.৫ কোটি ভোটাৰে অংশগ্ৰহণ কৰে।
এই কাৰ্যত ৯০ হাজাৰ বুথ পৰ্যায়ৰ বিষয়া (বি এল অ’) আৰু বুথ পৰ্যায়ৰ এজেণ্টে ভোটাৰ তালিকা শুধৰণিৰ কামত অংশগ্ৰহণ কৰে। মুখ্য নিৰ্বাচন আয়ুক্তই লগতে কয় যে দ্বিতীয় পৰ্যায়ৰ এছ আই আৰৰ বাবে ২৭ অক্টোবৰৰ পৰা গণনা প্ৰ-পত্ৰ ছপা আৰম্ভ হ’ব।
ইয়াৰ পিছত এই প্ৰ-পত্ৰসমূহ এছ আই আৰ অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহৰ ভোটাৰসকলক প্ৰদান কৰা হ’ব। বি এল অ’সকলে বৰ্তমান উপলব্ধ ভোটাৰ তালিকাৰ সৈতে ইয়াক মিলাই চোৱাৰ কাম কৰিব আৰু ইয়াৰ বাবে মঙলবাৰৰ পৰা নিৰ্বাচনী বিষয়াসকলৰ প্ৰশিক্ষণ আৰম্ভ হ’ব।













