
মঙলবাৰে জুবিন গাৰ্গ (Zubeen Garg) মৃত্যু ৰহস্য উদঘাটনৰ বাবে গঠন কৰি দিয়া এছ আই টিক সাক্ষ্য প্ৰদানৰ বাবে চি আই ডি কাৰ্যালয়ত হাজিৰ হয় বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী। যিহেতু মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গৰ অন্তিমটো সাক্ষাৎকাৰ ৰীতা চৌধুৰীয়ে তেওঁৰ পোডকাষ্টৰ বাবে গ্ৰহণ কৰিছিল, সেয়ে জুবিন গাৰ্গ সন্দৰ্ভত তথ্য সংগ্ৰহৰ বাবে ৰীতা চৌধুৰীকো এছ আই টিয়ে তলৱ কৰে।

ইফালে চি আই ডি কাৰ্যালয়ৰ পৰা ওলাই আহি সাংবাদিকৰ সৈতে মুখামুখিত জুবিন গাৰ্গ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সাংবাদিকৰ আগত তেওঁ কয় যে যদি তেওঁ আগতীয়াকৈ গম পালেহেঁতেন তেন্তে জুবিন গাৰ্গক কেতিয়াও ছিংগাপুৰলৈ যাব নিদিলেহেঁতেন।
কিয়নো সেই সময়ত জুবিনৰ গাত জ্বৰ আছিল। সাক্ষাৎকাৰৰ শেষত জুবিনে তেওঁক আঁকোৱালি ধৰোতে জুবিনৰ গাত উত্তাপ অনুভৱ কৰিছিল আৰু তেওঁ কঁপিছিল বুলি উল্লেখ কৰে ৰীতা চৌধুৰীয়ে। আনহাতে, জুবিনক সাক্ষাৎকাৰ গ্ৰহণ কৰি থাকোতে তেওঁক হতাশাত থকা যেন লগা নাছিল বুলি উল্লেখ কৰি ৰীতা চৌধুৰীয়ে কয় যে জুবিন গাৰ্গে অতি উৎসাহেৰে ৰৈ ৰৈ বিনালে ছবিখনৰ কথা কৈছিল।
আনহাতে, এছ অ’ পি সন্দৰ্ভত তেওঁ দিয়া ফেচবুক পোষ্টৰ ওপৰত মুখ্যমন্ত্ৰীৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে কয় যে তেওঁ ভাবিছিল যে এগৰাকী পৰিপক্ব ৰাজনৈতিক নেতা হিচাপে মুখ্যমন্ত্ৰীয়ে কথাটো বিবেচনা কৰিব। পোষ্টটোত তেওঁ কোনা দাবী বা নিৰ্দেশনা দিয়া নাই বুলি উল্লেখ কৰি ৰীতা চৌধুৰীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে যদি বিবেচনা নকৰে তাত তেওঁৰ কৰিবলগা কি আছে।













