
জীয়াই থাকোতে কৈছিল, “মই মৰিলে মোৰ মৃতদেহটো ব্ৰহ্মপুত্ৰত উটুৱাই দিব ।” অৱশ্যে মৃতদেহ উটুৱাই নিদিলেও বুধবাৰে নিজৰ ইচ্ছা অনুযায়ীয়ে ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হয় জুবিন গাৰ্গৰ (Zubeen Garg) চিতাভস্ম।

সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে বুধবাৰে এই কাৰ্য সম্পন্ন কৰা হয়। ইফালে মহাবাহু ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ অস্থি বিসৰ্জনৰ সময়ত অতি আৱেগিক হোৱা দেখা যায় পত্নী গৰিমা শইকীয়া গাৰ্গক।
গুৱাহাটীৰ লাচিত ঘাটত নাৱেৰে চিতাভস্ম বিসৰ্জন দিয়াৰ সময়ত গৰিমা গাৰ্গৰ লগতে উপস্থিত থাকে ভগ্নী পামী বৰঠাকুৰ, কণ্ঠশিল্পী জুবলী বৰুৱা, আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তকে ধৰি আত্মীয়সকল। ইফালে জুবিন গাৰ্গৰ অতি প্ৰিয় তথা ভাতৃসদৃশ অৰুণ গাৰ্গৰ উপস্থিতিত যোৰহাটতো ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হয় জুবিন গাৰ্গৰ চিতাভস্ম।













