
অসমীয়া ছবি জগতত ইতিহাস সৃষ্টি কৰি শুকুৰবাৰে দেশজুৰি মুক্তিলাভ কৰিব জুবিন গাৰ্গৰ সপোনৰ তথা জীৱনৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’(Roi Roi Binale)। ইতিমধ্যে অসমৰ প্ৰতিটো ছবিগৃহৰে প্ৰায়বোৰ দৰ্শনীৰ আৰম্ভণিৰ কেইবাদিনৰো টিকট শেষ হৈছে। আনহাতে, ৰাজ্যৰ লগতে বহিঃৰাজ্যৰো প্ৰায় ৪৬ টা ছবিগৃহত মুক্তিলাভ কৰিব ছবিখনে।

সকলোৱে আশাৰে অপেক্ষা কৰিছে নিশাটো পোহৰ হোৱালৈ। তাৰ মাজতে আজি প্ৰকাশ পাইছে ছবিখন চাবলৈ জুবিন গাৰ্গে আহ্বান জনোৱা আৰু তেওঁৰ চহী সন্নিৱিষ্ট এখন পত্ৰ। পত্ৰখনত লিখা আছে “ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা, চাবলে আহিবা ৷ ‘মৰম’ জুবিন দা ।”
মৃত্যুৰ পূৰ্বে নিজৰ সপোনৰ ছবিখনৰ প্ৰচাৰৰ বাবে এনেদৰে অনুৰাগীক আহ্বান জনোৱাৰ পৰিকল্পনা কৰিছিল জুবিন গাৰ্গে। ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে তেওঁ এই পত্ৰখন দি গৈছিল ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাৰ হাতত। লগতে তেওঁৰ অটোগ্ৰাফ যাতে সকলোৱে পায় তাৰো পৰিকল্পনা কৰিছিল জুবিন গাৰ্গে।
এই সন্দৰ্ভত ৰাজেশ ভূঞাই জনায় যে ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে ১৫ ছেপ্টেম্বৰত ছবিখনৰ প্ৰচাৰ কেনেদৰে কৰিব সেই সন্দৰ্ভত তেওঁৰ সৈতে জুবিন গাৰ্গে আলোচনা কৰিছিল। আনহাতে, তেওঁৰ পূৰ্বৰ মিছন চাইনা, কাঞ্চনজংঘাতকৈ এই ছবিখনৰ প্ৰচাৰৰ বাবে এক ব্যতিক্ৰমী পৰিকল্পনা কৰিছিল।
তেওঁৰ ইচ্ছা আছিল যে যিহেতু সকলোৱে তেওঁৰ ওচৰলৈ অটোগ্ৰাফ বা সান্নিধ্য বিচাৰি আহে। সেয়েহে সকলোকে তেওঁৰ সান্নিধ্য প্ৰদানৰ বাবে এই পৰিকল্পনা কৰিছিল। সেই পৰিকল্পনাৰেই তেওঁ অটোগ্ৰাফৰ সৈতে ছবিখন চাবলৈ ৰাইজক আহ্বান জনাব বিচাৰিছিল বুলি ৰাজেশ ভূঞাই কয়।
লগতে জুবিনে বিচাৰিছিল যে তেওঁৰ চহী আৰু ফটো যাতে প্ৰতিগৰাকী অসমীয়াৰ ঘৰত থাকে। এতিয়া জুবিন গাৰ্গৰ সেই শেষ ইচ্ছা এতিয়া পূৰণ কৰিছে ৰৈ ৰৈ বিনালেৰ লগত জড়িত থকা দলটোৱে। বুধবাৰে জুবিন গাৰ্গৰ চহী থকা এই আহ্বানৰ টোকা সামাজিক মাধ্যমযোগে ভাইৰেল হৈ পৰে।













