বোকাখাতঃ পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ যুৱ প্ৰতিভা। এইবাৰ আন্তঃৰাষ্ট্ৰীয় সাহিত্য ক্ষেত্ৰত জিলিকিছে অসমীয়া যুৱ লেখিকা৷ আন্তঃৰাষ্ট্ৰীয় যুৱ সাহিত্য সন্মিলনলৈ আমন্ত্ৰণ পায়ো ধনৰ অভাৱত থমকিব লগা হৈছে বোকাখাতৰ অংকিতা বৰুৱা নামৰ যুৱ লেখিকাগৰাকী। চলিত বৰ্ষত কটন বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ স্নাতকোত্তৰ শ্ৰেণীত নাম ভৰ্তি কৰা বোকাখাতৰ ২ নং ৱাৰ্ডৰ যুৱতী অংকিতা বৰুৱাই এচিয়ান ইউথ ইন্টাৰনেশ্বনেল মডেল ইউনাইটেড নেচন নামৰ সংস্থাটোৱে আয়োজন কৰা পৰীক্ষাত বিশ্বৰ ১৮ হাজাৰ প্ৰতিযোগীৰ মাজৰ পৰা মেধাৰ ভিত্তিত ২৫ আগষ্টৰ পৰা ২৮ আগষ্টলৈ কুৱালালামপুৰত অনুষ্ঠিত হব লগা এচিয়ান ইউথ কনফাৰেঞ্চলৈ আমন্ত্ৰণ পাইছে ৷ কিন্তু কনফাৰেঞ্চত আয়োজকে যাতায়তী নিদিয়ে, কেৱল থকা আৰু খোৱাৰহে ব্যৱস্থা কৰিছে৷ যাৰ বাবে অংকিতা পিছ-হুহকিব লগা হৈছে৷ নিম্ন মধ্যবিত্ত পৰিয়ালৰ অংকিতাক সাহিত্য ক্ষেত্ৰত আগবাঢ়িবৰ বাবে সহায়ৰ প্ৰয়োজন৷ ইতিমধ্যে অংকিতাই ইংৰাজীত লিখা UNTURNED PAGES নামৰ গ্ৰন্থখনে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰি বোকাখাতৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।













