ASSAM TIMES POST
ডিফু : কাৰবি আংলঙ বনবিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক অভিজিত ৰাভাৰ অসামঞ্জস্য সম্পত্তিৰ অভিযোগত অসম চৰকাৰৰ দূৰ্নীতি নিবাৰক শাখাই বিষয়া গৰাকীৰ গুৱাহাটী আৰু ডিফুৰ কাৰ্যালয় আৰু বাসভৱনত তালাচী চলোৱাৰ পিছত আজি পুণৰ দিনৰ প্ৰায় ১২ মান বজাত বকলীয়াঘাটৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ গাতে লাগি থকা বন বিভাগৰ কণিষ্ঠ সহায়ক ৰিকি কেওটৰ পিতৃ গৃহত তালাচী চলায় তদন্তকাৰী দলটোৱে ৷
প্ৰায় এঘণ্টাজুৰি চলোৱা অভিযানত মহিলাগৰাকীৰ বাসগৃহৰ পৰা কি তথ্য লাভ কৰিলে সেয়া তদন্তকাৰী দলটোৱে সদৰি নকৰিলে ৷ দূৰ্নীতি নিবাৰক শাখাৰ এনে অভিযানত বকলীয়াঘাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ উল্লেখযোগ্যযে পিচিচিএফ অভিজিৎৰাভাৰ পৰ্বতসম সম্পত্তিৰ অধিকাৰী হৈ পৰি দূৰ্নীতি নিবাৰক শাখাৰ তদন্তৰ সন্মূখীন হোৱাৰ পিছত বিষয়া গৰাকী অপকৰ্মৰ মুখা খোল খোৱাৰ সমান্তৰালকৈ উক্ত মহিলা কৰ্মচাৰী গৰাকীৰ কথাও চৰ্চা লাভ কৰিছে ৷ অভিজিৎ ৰাভাৰ বিপুল পৰিমাণৰ ক’লা ধন এই গৰাকী মহিলা কৰ্মচাৰীৰ জৰিয়তে লেন-দেন হয় বুলি আশংকা কৰা হৈছে ৷
উল্লেখযোগ্য কাৰবি আংলঙৰ বনবিভাগৰ পশ্চিম সংমণ্ডলত কৰ্মৰত কৰ্মচাৰী গৰাকীক ডেপুটেছনত পিচিচিএফৰ বদলি কৰি অনা হৈছিল বুলি এটা সুত্ৰই সদৰি কৰিছে ৷ তেনে দৃষ্টিকোণত উল্লেখিত মহিলা কৰ্মচাৰী গৰাকী শীৰ্ষ বন বিষয়াগৰাকীৰ দূৰ্নীতিৰ ক’লা অধ্যায়ৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষ ভাবে সাঙুৰ খাই পৰা সম্ভাৱনাও নোহোৱা নহয় ৷অভিযানকাৰী দলটোৱে গুৱাহাটীৰ পৰা লৈ অহা ৰিকি কেওটক পুণৰ নিজৰ বাহনত গুৱাহাটীলৈ লৈ যায় ৷ আনহাতে প্ৰয়োজন সাপেক্ষে মহিলা কৰ্মচাৰী গৰাকীৰ বাসগৃহত পুণৰ অভিযান চলোৱাৰ সম্ভাৱনা আছে বুলি অভিযানকাৰী দলটোৱে জানিব দিছে ৷













